ধুবুৰী আসনখন পাব বুলি আশাবাদী বিজেপি-অগপ
২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ বৰ্তমানে ধুবুৰীত শাসকী আৰু বিৰোধী দলৰ ব্যাপক ৰাজনৈতিক কুচকাৱাজ আৰম্ভ হোৱাৰ সমান্তৰালকৈ ৰাজনৈতিক শিবিৰে শিবিৰে আৰম্ভ হৈছে সম্ভাব্য দলীয় প্ৰাৰ্থীক লৈ গুণা-গঁথা।
ইপিনে শাসকীয় মিত্ৰজোঁটৰ মাজৰ আসন ভাগ বতৰাৰ বিষয়টো এতিয়ালৈ চূড়ান্ত ৰূপ লোৱা নাই যদিও ধুবুৰী বিধানসভা সমষ্টিত দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি আশাবাদী হৈ থকা দেখা গৈছে বিজেপি আৰু অসম গণ পৰিষদ (অগপ) দলৰ স্থানীয় নেতৃত্বই আনকি, দল দুটাৰ সম্ভাব্য প্ৰাৰ্থী সকলৰ একাংশই বিষয়টোলৈ ভিতৰি ভিতৰি উৎকণ্ঠিত হৈ থকা বুলিও জানিব পৰা গৈছে।
উল্লেখ্য যে, ধুবুৰীত বিজেপি আৰু অগপ দলৰ উভয়ৰে সম্ভাব্য প্ৰাৰ্থীৰূপে চৰ্চিত হোৱা পোৱা গৈছে ৫গৰাকীৰ নাম। চৰ্চানুসৰি, ধুবুৰীত দলীয় টিকট বিচাৰি আবেদন কৰা অগপৰ কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সম্পাদক ছানোৱাৰ হুছেইন, ধুবুৰী বিধানসভা পৰিষদৰ সম্পাদক নুৰ-ই-চিবলি, অগপৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ কেন্দ্রীয় সম্পাদক কলিম উদ্দিন শেখ, ধুবুৰী বিধানসভা পৰিষদৰ সম্পাদক দীপ নাৰায়ণ কলিতা আৰু দলটোৰ এগৰাকী জেষ্ঠ্য কৰ্মী মুন আহমেদৰ ভিতৰৰ কোনো এগৰাকীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ সম্ভাবনা আছে দলটোৱে।
ঠিক অনুৰূপে, ধুবুৰীত বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীৰূপে চৰ্চিত হৈছে এম.এচ.এম.ই. প্রোমোচন কাউন্সিল অফ্ ইন্ডিয়াৰ অসমৰ অধ্যক্ষৰ দায়িত্বত থকা ছাইফুল ইছলাম, জিলা বিজেপিৰ প্ৰাক্তন সংখ্যালঘু মৰ্চাৰ সভাপতি মতিউৰ ৰ’হমান, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা দক্ষিণ শালমাৰাৰ জিলা প্ৰভাৰী ভগীৰথ ওঝা, ধুবুৰী জিলা বিজেপিৰ সম্পাদক উত্তম প্ৰসাদ আৰু উপ-সভাপতি নিৰ্মাল্য পালৰ নাম।
ইয়াতে উল্লেখনীয় কিন্তু এয়াও যে সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা লবলগীয়া ধুবুৰী বিধানসভা সমষ্টিৰ সৰ্বমুঠ ২,৩১,১৩৬গৰাকী ভোটাৰৰ ভিতৰত হিন্দু ভোটাৰৰ সংখ্যা আনুমানিক ৪৬ হাজাৰ। তাৰেই পৰিপ্ৰেক্ষিতত, এই বিধানসভা সমষ্টিটোত বিজেপিয়ে বিজয়ী হোৱাৰ সম্ভাৱনা কম আৰু সেয়ে দিঠকত গৈ ধুবুৰীৰ আসনখন অগপই লাভ কৰাৰ সম্ভাৱনা নথকা নহয় বুলিয়েই কিন্তু মত স্থানীয় ৰাজনৈতিক বিশ্লেষক মহলৰ একাংশৰ।
অৱশ্যে, ধুবুৰীত বিজেপি নে অগপ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব সেয়া স্পষ্ট হবলৈ অপেক্ষা কৰিব লাগিব; অহা কেইদিনমানৰ ভিতৰত চূড়ান্ত হ’বলগীয়া শাসকীয় বিজেপি-অগপ দলৰ আসন ভাগ-বতৰাৰ কাম সম্পূর্ণ নোহোৱালৈকে।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৫ ফেব্ৰুৱাৰী