নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

BTC-ৰ ১৫টা সমষ্টিতে অকলে নিৰ্বাচন খেলিবলৈ শক্তিশালী UPPL

কোকৰাঝাৰ জিলাৰ ১নং গোসাঁইগাঁও বিধানসভা সমষ্টিটো নিৰ্বাচনৰ বাবে ইউ পি পি এল দলৰ বাবে পৰিৱেশ ভাল৷ ইউ পি পি এল দলৰ বাবে গোসাঁইগাঁও সমষ্টিটো নম্বাৰ ৱানত আছে ৷ এই সমষ্টিটো লৈ বেলেগ চিন্তা কৰিবলগীয়া একো আমি দেখা পোৱা নাই৷ ইউ পি পি এল দলে অকলে কাম কৰাৰ বাবে প্ৰায় ৯০ শতাংশ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে সমষ্টিটোত ইউ পি পি এল দল জিকিব৷ এনেদৰে কয় ৰাজ্যসভাৰ সাংসদ তথা ইউ পি পি এল দলৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ৰণগৌড়া নাৰ্জাৰীয়ে৷

আজি বিটিচিৰ ৪নং যমদুৱাৰ সমষ্টিৰ কাশিয়াবাৰীস্থিত শ্বহীদ সুজিত নাৰ্জাৰী ভৱনত ইউ পি পি পি এল দলৰ গোসাঁইগাঁও জিলা কমিটিৰ উপৰি দলৰ অন্যান্য কৰ্মকৰ্তাৰ উপস্থিতিত দলীয় পৰ্যালোচনা সভা অনুষ্ঠিত হয়৷

উক্ত সভাত অংশ গ্ৰহণ কৰি ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰীয়ে আৰু কয় যে ইউ পি পি এল দলে ২০২১ চনৰ পৰাই এন ডি এৰ লগত মিত্ৰতাৰ ধৰ্ম পালন কৰি আহিছে ৷ নিৰ্বাচনৰ দিন ঘোষণা নোহোৱা পৰ্যন্ত মিত্ৰতা থাকিব ৷ ইউ পি পি এল দলে সদায় নিজৰ শক্তি লৈ আগৱাঢ়ি যাব আৰু শক্তি প্ৰদৰ্শন কৰিব বিচাৰিছো ৷

ইউ পি পি এল দলে বিটিচিৰ ১৫টা সমষ্টিতে অকলে বিধানসভাৰ নিৰ্বাচন খেলিব পৰা শক্তি আছে৷ ইয়াত ইউ পি পি এল দলৰ যি মূল ছয় লাখ ভোট সেইখিনি পাইছিল আৰু সিহঁতে আমাতকৈ দুই লাখ ভোট বেছিকৈ পাই ৮ লাখ ভোট পাইছিল৷ এইবেলি সেই দুই লাখ উৰিয়া ভোট আকৌ উৰি যাব বুলি সদৰী কৰে সাংসদগৰাকীয়ে ৷

ইউ পি পি এল দলৰ মুৰব্বী প্ৰমোদ বড়ো ৰাজ্য সভাৰ পিনে গতি কৰাৰ যি চৰ্চা চলিছে সেই সম্পৰ্কত সাংসদ নাৰ্জাৰীয়ে জ্ঞাত নহয় বুলি কয় ৷ নিৰ্বাচন সম্পৰ্কে অনুষ্ঠিত হোৱা ইউ পি পি এল দলৰ পৰ্যালোচনামূলক সভাখনত বিধায়ক জিৰণ বসুমতাৰী, ইউ পি পি এল দলৰ উপ-সভাপতি তথা প্ৰাক্তন ই এম ৰেওৰেওৱা নাৰ্জিহাৰী, ইউ পি পি এল দলৰ গোসাঁইগাঁও জিলা সমিতিৰ সভাপতি অলিদ্য বসুমতাৰী (এটোম)ৰ লগতে কেন্দ্ৰীয় সমিতি, জিলা, ব্লক পৰ্যায়ৰ নেতা কৰ্মী উপস্থিত আছিল ৷

নিয়মীয়া বাৰ্তা, শ্ৰীৰামপুৰ, ২৬ ফেব্ৰুৱাৰী

You might also like