কাইলৈৰ পৰা ছবিঘৰত অতনু ভূঞা পৰিচালিত ছবি ‘খাকী’
কাইলৈ অৰ্থাৎ ২৭ ফেব্ৰুৱাৰীৰ পৰা ছবিঘৰত প্ৰদৰ্শিত হ’ব অতনু ভূঞা পৰিচালিত ছবি ‘খাকী’। এবিচিডি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত তথা অতনু ভূঞা, কণিকা ভূঞা আৰু অৱয়ব ভূঞা প্ৰযোজিত ‘খাকী’ হৈছে অতনু ভূঞাৰ দ্বাৰা পৰিচালিত প্ৰথমখন অসমীয়া ছবি।
সম্পূৰ্ণ ৰাজনৈতিক থ্ৰিলাৰ ‘খাকী’ কাইলৈ ৰাজ্যৰ সকলো ছবিঘৰতে একেলগে মুক্তি পাব। ইতিমধ্যে বুক মাই শ্ব’ৰ জৰিয়তে ছবিখনৰ আগতীয়া বুকিং যথেষ্ট আশাজনক পৰিলক্ষিত হৈছে।
অৰুণ নাথ, ডাঃ জাহানাৰা বেগম, পৱন গায়ন, শ্ৰেয়া বৰঠাকুৰ, গীতাৰ্থ শৰ্মা, ঈষাণ হাজৰিকা, অতনু ভূঞা, পদ্মৰাগ গোস্বামী, হেমন্ত দেবনাথ, অৱয়ব ভূঞা, সৌমাৰ জ্যোতি বৰা, প্ৰদীপ হাজৰিকা, জয়ন্ত ডেকা, অতুল লহকৰ, অনুপম নাথ, শিৱাণু বৰা, অনুপম হাজৰিকা, নিবেদিতা মহন্ত আদিকে ধৰি ন পুৰণি আন বহু অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে ছবিখনত।
প্ৰায় ২০০০ শিল্পীৰ সমাগম ঘটা ‘খাকী’ৰ সংগীত পৰিচালনা কৰিছে বলীউডৰ জনপ্ৰিয় সংগীত পৰিচালক ডেনিয়েল বি জৰ্জে। ছবিখনৰ ছাউণ্ডৰ কাম কৰিছে দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতমে। ‘খাকী’ৰ চিত্ৰগ্ৰহণ কৰিছে প্ৰদীপ দৈমাৰীয়ে। খাকী পোচাকৰ আঁৰৰ অলেখ কাহিনী দৰ্শকৰ সন্মুখলৈ আহিব এই ছবিখনৰ জৰিয়তে।
ডিজিটেল ডেস্ক, ২৬ ফেব্ৰুৱাৰী