চৰকাৰী ভূমি বেদখলকাৰীক উচ্ছেদৰ জাননী দিবলৈ যোৱা গাঁওপ্রধান আৰু আৰক্ষীৰ দলৰ ওপৰত মহানগৰীৰ আজাৰাৰ বঙৰা ইছলামপুৰত একাংশ মিঞাই ভয়ংকৰ আক্রমণ চলায়৷ এই ঘটনাত গাঁওপ্রধানজনৰ লগতে কেইবাজনো আৰক্ষী বিষয়া–জোৱান আহত হয়৷ ইতিমধ্যে আহত ৫ জনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হৈছে৷
জানিব পৰা মতে ৰাজ্যৰ বিভিন্ন প্রান্তত উচ্ছেদ অভিযান চলি থকাৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ পশ্চিম আজাৰা আৰক্ষী থানাৰ অন্তর্গত বঙৰাৰ ইছলামপুৰ অঞ্চলত আজাৰা আৰক্ষীয়ে গাঁওপ্রধানক লগত লৈ উচ্ছেদৰ জাননী দিবলৈ গৈছিল৷ তেনে সময়তে বঙৰা ইছলামপুৰৰ একাংশ মিঞাৰ ৰোষত পৰে আজাৰা আৰক্ষী আৰু ইছলামপুৰৰ গাঁওপ্রধান৷
চৰকাৰী ভূমিত অকর্তৃত্বশীলভাৱে বসবাস কৰি অহা অচিনাকি লোকসকলে আৰক্ষী বিয়লি প্রায় ৩.৩০ বজাত উপস্থিত হোৱাৰ লগে লগে প্রথমতে আগুৰি ধৰে৷ আৰক্ষীয়ে জাননী দেখুওৱাত এইবাৰ বাক বিতণ্ডাত লিপ্ত হৈ আৰক্ষীক দলবদ্ধ আক্রমণ কৰে৷ ইছলামপুৰৰ অচিনাকি লোকসকলৰ আক্রমণত কেইবাজনো আৰক্ষী গুৰুতৰভাৱে আহত হয়৷ আঘাতপ্রাপ্ত আৰক্ষীকেইজনক ততালিকে চিকিৎসালয়লৈ প্রেৰণ কৰা হয়৷
ইয়াৰ সমান্তৰালকৈ উত্তেজিত লোকসকলে এ এছ ০১ জি চি ৮৯৯৯ নম্বৰৰ আৰক্ষীৰ বাহনখনৰ যথেষ্ট ক্ষতি কৰে৷ পৰৱর্তী সময়ত ঘটনাই ভয়াৱহ ৰূপ লোৱাত অর্ধসামৰিক বাহিনী মোতায়েন কৰিবলগীয়া হয়৷ মিঞাৰ আক্রমণত আজাৰা থানাৰ আৰক্ষী ক্রমে প্রহ্লাদ দাস (২৭), মণ্টুৰাম দাস (৪৮), নমিতা কাকতি বড়ো (৩১) আৰু ইছলামপুৰৰ গাঁওপ্রধান মুকুট শর্মা গুৰুতৰভাৱে আঘাতপ্রাপ্ত হোৱা বুলি জানিব পৰা গৈছে৷
ঘটনা সন্দর্ভত ইতিমধ্যে আৰক্ষীয়ে বঙৰা ইছলামপুৰ আৰক্ষীক আক্রমণ কৰা প্রায় ১৬ পুৰুষ–মহিলাক গ্রেপ্তাৰ কৰি আজাৰা থানালৈ লৈ আনিছে৷ কিন্তু বেদখলকাৰীক উচটনি দি আৰক্ষীক আক্রমণ কৰা লোকসকল বর্তমানলৈ পলাতক হৈ আছে৷
মন কৰিবলগীয়া যে সমগ্র অসম অচিনাকি লোকে গ্রাস কৰাৰ সময়তে খোদ জালুকবাৰী সমষ্টিতে বেদখলকাৰী মিঞাই উচ্ছেদৰ জাননী দিবলৈ যোৱা আৰক্ষীৰ লোকক আক্রমণ কৰা ঘটনাই ভৱিষ্যতলৈ অশনি সংকেত নমাই আনিছে বুলি ব্যাপক চর্চা চলিছে৷
ডিজিটেল ডেস্ক, ২৮ ফেব্রুৱাৰী