নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ নিশ্চিত হ’ব টীম ইণ্ডিয়াৰ টি-২০ বিশ্বকাপৰ ভৱিষ্যৎ

ইডেন গার্ডেনত দেওবাৰে নিশ্চিত হ’ব ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়াৰ টি–২০ বিশ্বকাপৰ ভৱিষ্যৎ৷ ঘৰৰ মাটিত চলি থকা আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনত ফেভাৰিট হিচাপে আৰম্ভণি কৰিছিল টীম ইণ্ডিয়াই৷

কিন্তু ছুপাৰ এইটৰ প্রথমখন মেচত সূর্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোৱে বৃহৎ বিপর্যয়ৰ সন্মুখীন হ’বলগীয়া হয়৷ দক্ষিণ আফ্রিকাৰ হাতত পৰাস্ত হৈ ভাৰতে ছেমিফাইনেলত প্রৱেশ কৰাৰ ক্ষেত্রত জটিলতাৰ সৃষ্টি হয়৷

কিন্তু ভাগ্যই সহায় কৰিলে ঘৰুৱা দলটোক৷ চেপকত বৃহস্পতিবাৰে অগ্নিপৰীক্ষাত উত্তীর্ণ হয় ছেমিত প্রৱেশ কৰাৰ আশা সজীৱ কৰি তোলে৷ জিম্বাব’ৱেক ৭২ ৰানত পৰাস্ত কৰি সূর্যকুমাৰ বাহিনীয়ে প্রতিযোগিতাখনত বর্তি থকাৰ আশা সজীৱ কৰি তোলে যদিও অন্তিম চাৰিত প্রৱেশৰ ছবিখন এতিয়াও স্পষ্ট হোৱা নাই৷

দেওবাৰে ইয়াৰ সাক্ষী হ’ব ইডেন গার্ডেন৷ ইডেন গার্ডেনৰ ফলাফলে টীম ইণ্ডিয়াৰ বিশ্বকাপৰ ভৱিষ্যৎ নির্ণয় কৰিব৷ দেওবাৰে হ’বলগীয়া কোৱার্টাৰ ফাইনেলসদৃশ ছুপাৰ এইটৰ মেচখনত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰিব পাৰিলেই ছেমিফাইনেলত প্রৱেশ নিশ্চিত হ’ব টীম ইণ্ডিয়াৰ৷

মন কৰিবলগীয়া যে বৃহস্পতিবাৰে জিম্বাব’ৱেৰ বিপক্ষে মুখামুখি হোৱাৰ পূর্বে দক্ষিণ আফ্রিকা আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ খেলখনৰ ফলাফলৰ ওপৰত দৃষ্টি নিবদ্ধ আছিল সকলোৰে৷ কিন্তু গ্রুপ ১ৰ ছুপাৰ এইটৰ মেচখনত দক্ষিণ আফ্রিকাই ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি প্রতিযোগিতাখনত ভাৰতক বর্তি থকাত সুবিধা কৰি দিছিল৷

দেওবাৰৰ গুৰুত্বপূর্ণ মেচখনত ভাগ লোৱাৰ উদ্দেশ্যে কলকাতাত উপস্থিত হয় ভাৰতীয় দলটো৷ কলকাতাত উপস্থিত হোৱাৰ পিছত প্রশিক্ষক গৌতম গম্ভীৰৰ সৈতে দলটোৰ কেইজনমান সদস্যই কালীঘাট মন্দিৰত সেৱা জনায়৷

জিম্বাব’ৱেৰ বিপক্ষে খেলা মেচখনত জয়লাভ কৰিলেও বলাৰৰ প্রদর্শনত সন্তুষ্ট হোৱা নাই ভাৰতীয় দলটোৰ অধিনায়ক সূর্যকুমাৰ যাদৱ৷ ৱেষ্ট ইণ্ডিজৰ বিপক্ষে বলাৰসকলৰ পৰা উন্নত প্রদর্শনৰ আশা ব্যক্ত কৰি অধিনায়ক সূর্যকুমাৰে কয় যে আমাৰ বেটিং উন্নত হৈছে যদিও বলাৰসকলে অধিক নিয়ন্ত্রিতভাৱে বলিং কৰাটো প্রয়োজন৷

কিছুমান ক্ষেত্রত আমি আমাৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰিব লাগিব৷ দেওবাৰৰ বিজয় অপৰিহার্য মেচখনৰ বাবে আমি বিশেষ পৰিকল্পনা কৰিব লাগিব৷ আশা কৰোঁ পৰৱর্তী মেচত বেটাৰৰ লগতে বলাৰসকলেও ছন্দ বজাই ৰাখিব পাৰিব৷

ডিজিটেল ডেস্ক, ২৮ ফেব্রুৱাৰী

You might also like