বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা বৃদ্ধি পাইছে। বিশেষকৈ নৱগঠিত ৮৫নং মাকুম বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ বাবে প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হৈ পৰিছে।
বিভিন্ন ভাষা ভাষী, ধৰ্ম সম্প্ৰদায়ৰ সংমিশ্ৰণৰ মাকুম সমষ্টিৰ প্ৰথম বিধায়ক হ’বলৈ তৎপৰ হোৱা ব্যক্তিসকলে নিজা নিজা কৌশল ৰচনা কথাতো ব্যস্ত হৈ পৰিছে। শাসকীয় দল বিজেপিয়ে নতুন সমষ্টিতো নিজৰ লগত ৰাখিব নে নালাগে তাক লৈও জল্পনা কল্পনা আৰম্ভ হৈছে।
আনহাতে মিত্ৰদল অগপই আকোঁৰগোজ হৈ পৰা মাকুম সমষ্টিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ভাষ্যত বন্ধুত্ব মূলক প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। বিজেপিৰ তৃণমূল কৰ্মীয়ে মাকুম সমষ্টি বিজেপিৰ প্ৰাৰ্থী দিয়াৰ প্ৰৱল দাবীদাৰ কৰিছে।
তাৰ বিপৰীতে আঞ্চলিক দল অগপই মাকুম সমষ্টি অগপক দিবলৈও তীব্ৰ দাবী উত্থাপন কৰিছে। বিজেপি দলৰ সৰ্বাধিক টিকট প্ৰত্যাশী প্ৰাৰ্থীৰ বিপৰীতে অগপ দলত যুৱ নেতা প্ৰৱাল চেতিয়া, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা আৰু জ্যোতিমনি মৰানৰ নাম সবৰ্ত্ৰে প্ৰচাৰিত হৈছে।
মাকুমৰ স্থানীয় যুৱকৰ লগতে সামাজিক ক্ষেত্ৰত বিভিন্ন সেৱা আগবঢ়াই অহা প্ৰৱাল চেতিয়াৰ প্ৰাৰ্থীত্বৰো দাবী উত্থাপিত হৈছে। আনহাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী দাবীদাৰ শাসকীয় বিজেপি দলৰ দৰে হৈছে। প্ৰায় দহ গৰাকী ব্যক্তিয়ে কংগ্ৰেছ দলৰ মাকুম সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব প্ৰত্যাশী ৰূপে ঠিয় দিয়াৰ বাতৰি পোৱা গৈছে।
নিয়মীয়া বাৰ্তা, মাকুম, ২৮ ফেব্ৰুৱাৰী