কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত জাওকাটা গাঁৱত আজি দুপৰীয়া সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত পৰিয়াল এটাৰ তিনিটা ঘৰ ভস্মীভূত হয়৷ জানিব পৰা মতে, সোণতলীৰ জাওকাটা গাঁৱৰ এছাক আলীৰ ঘৰত আজি দুপৰীয়া আকস্মিকভাৱে জুইৰ সূত্ৰপাত ঘটে৷ জুইৰ লেলিহান শিখাই পৰিয়ালটোৰ তিনিটা ঘৰ আগুৰি লয়৷ ফলত এছাক আলীৰ তিনিটা ঘৰ নিমিষতে ভস্মীভূত হয়৷ অৱশ্যে স্থানীয় ৰাইজৰ ব্যাপক তৎপৰতাত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়৷
ইপিনে, সোণতলী আৰক্ষী উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও জুই নিৰ্বাপণ হোৱাৰ পিছত বকো অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত গৈ উপস্থিত হয়৷ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে৷ অগ্নিকাণ্ডত দৰিদ্ৰ পৰিয়ালটোৰ ৫ লক্ষাধিক টকাৰ সম্পত্তি জুইত নষ্ট হোৱা বুলি জানিব পৰা গৈছে৷
নিয়মীয়া বাৰ্তা, সোণতলী, ১ মাৰ্চ :