নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপৰ ছেমিত সহজ জয়েৰে ফাইনেলত প্রৱেশ নিউজিলেণ্ডৰ

ডিজিটেল ডেস্ক, ৫ মার্চ : বিশ্ব জয়ৰ স্বপ্ন ধূলিসাৎ বিগত বিশ্বকাপৰ ৰানার্ছআপ দক্ষিণ আফ্রিকাৰ৷ ভাৰত আৰু শ্রীলংকাত যুটীয়াভাৱে চলি থকা টি–২০ বিশ্বকাপৰ বুধবাৰে ইডেন গার্ডেনত অনুষ্ঠিত প্রথমখন ছেমিফাইনেলত সহজেই আত্মসমর্পণ কৰে প্রটিয়াজ বাহিনীয়ে৷ একপক্ষীয় ছেমিফাইনেল মেচখনত দক্ষিণ আফ্রিকাই নিউজিলেণ্ডৰ হাতত ৯ উইকেটত পৰাস্ত হয়৷

মেচখনত দক্ষিণ আফ্রিকাই জয়ৰ বাবে বান্ধি দিয়া ১৭০ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰদ্বয় ফিন এলেনৰ বিস্ফোৰক অপৰাজিত শতক আৰু টিম ছেইফার্টৰ অর্ধশতকৰ সহায়ত নিউজিলেণ্ডে ১২.৫ অভাৰতে এটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ ছেইফার্ট আৰু এলেনে প্রথম উইকেটৰ যুটিত ১১৭ ৰান সংগ্রহ কৰি দলৰ জয় নিশ্চিত কৰে৷ ছেইফার্টে ৩৩টা বলত ৫৮ ৰান কৰি বিদায় লয় যদিও এলেনে মাত্র ৩৩টা বলত ১০টা চাৰি আৰু আঠটা ছয়েৰে ১০০ ৰান কৰি অপৰাজিত হৈ থাকে৷

টি–২০ বিশ্বকাপৰ ইতিহাসত দ্রুত শতক অর্জন কৰাৰ নজিৰ গঢ়ে ছেইফার্টে৷ ৰাচিন ৰবীন্দ্রই ১৩ ৰান কৰি অপৰাজিত হৈ থাকে৷ দক্ষিণ আফ্রিকাৰ হৈ একমাত্র উইকেটটো দখল কৰে ৰাবাডাই৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি মার্ক’ জানছেনৰ অপৰাজিত ৫৫, ডেৱাল্ড ব্রেভিছৰ ৩৪ আৰু ত্রিষ্টান ষ্টাবছৰ ২৯ ৰানৰ সহায়ত দক্ষিণ আফ্রিকাই নির্ধাৰিত ২০ অভাৰত আঠটা উইকেট হেৰুৱাই ১৬৯ ৰান সংগ্রহ কৰে৷ ইনিংছৰ দ্বিতীয়টো অভাৰৰ চতুর্থ আৰু পঞ্চমটো বলত কুইণ্টন ডি কক আৰু ৰিয়ান ৰিকেলটনক হেৰুৱাই বিপর্যয়ত পৰে দক্ষিণ আফ্রিকা৷

পৰৱর্তী সময়ত নিউজিলেণ্ডৰ বলাৰৰ সুনিয়ন্ত্রিত বলিঙৰ সন্মুখত মূৰ দাঙি উঠিব নোৱাৰিলে প্রটিয়াজ বাহিনীয়ে৷ একমাত্র জানছেনে কিৱিৰ বলাৰৰ সন্মুখত প্রাচীৰৰূপে থিয় দিয়ে৷ অধিনায়ক মার্কৰামে ১৮, ডি ককে ১০, ৰিকেলটনে ০ আৰু মিলাৰে মাত্র ৬ ৰান কৰি বিদায় লয়৷ নিউজিলেণ্ডৰ হৈ মেট হেনৰী, মেকক’নচি আৰু ৰাচিনে দুটাকৈ উইকেট লাভ কৰে৷ দেওবাৰে হ’বলগীয়া ফাইনেলত নিউজিলেণ্ডে আজি ভাৰত আৰু ইংলেণ্ডৰ মাজত হ’বলগীয়া দ্বিতীয় ছেমিৰ বিজয়ী দলৰে মুখামুখি হ’ব৷

You might also like