নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপৰ ছেমি ফাইনেলত আজি টীম ইণ্ডিয়াৰ সন্মুখত ইংলেণ্ড

ডিজিটেল ডেস্ক, ৫ মার্চ : মুম্বাইৰ ৱাংখেড়েত আজি অনুষ্ঠিত হ’বলগীয়া চলিত টি–২০ বিশ্বকাপৰ দ্বিতীয়খন ছেমিফাইনেলত মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়া আৰু ইংলেণ্ড৷ ছুপাৰ–৮ৰ অন্তিমখন মেচত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি আত্মবিশ্বাস তুংগত থকা সূর্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোৰ এতিয়া লক্ষ্য হ’ল ইংৰাজ বাহিনীক পৰাস্ত কৰি ফাইনেলত প্রৱেশ কৰা৷

প্রতিযোগিতাখনত অপৰাজেয় হৈ থকা ইংৰাজ বাহিনীক আজিৰ ছেমিত পৰাস্ত কৰাটো মুঠেই সহজ নহ’ব ঘৰুৱা দল ভাৰতৰ৷ অৱশ্যে আজিৰ মেচখনক লৈ ঘৰুৱা দলটোৱে বিশেষ ৰণনীতি তৈয়াৰ কৰিছে৷ বেটিং বিভাগক লৈ বিশেষ চিন্তিত নহয় যদিও বিস্ফোৰক অ’পেনাৰ অভিষেক শর্মাৰ প্রদর্শনে কিছু পৰিমাণে চিন্তাত ৰাখিছে ভাৰতক৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনত এতিয়ালৈকে আশানুৰূপ প্রদর্শন দাঙি ধৰিব পৰা নাই অভিষেকে৷ অৱশ্যে অভিষেকৰ ওপৰত এতিয়াও আস্থা হেৰুওৱা নাই দলীয় মেনেজমেণ্টে৷

আজিৰ ছেমিত দলটোৰ মূল একাদশত বিশেষ সালসলনি হোৱাৰ সম্ভাৱনা নাই বুলি উল্লেখ কৰি অধিনায়ক সূর্যকুমাৰ যাদৱে কয় যে অভিষেক বাৰম্বাৰ ব্যর্থ হ’লেও সঞ্জু ছেমছনৰ সৈতে ইনিংছ মুকলি কৰিব৷ অৱশ্যে আজিৰ এই গুৰুত্বপূর্ণ মেচখনত বহুকেইজন বিশেষজ্ঞই অভিষেকৰ সলনি ঈশান কিশনক ছেমছনৰ সৈতে ইনিংছ মুকলি কৰাৰ পোষকতা কৰিছে যদিও দলীয় মেনেজমেণ্টে বেটিং ক্রমত কোনোধৰণৰ সালসলনি নকৰাৰ পোষকতা কৰা নাই৷

বেটিং বিভাগক লৈ সন্তুষ্টি প্রকাশ কৰা অধিনায়ক সূর্যকুমাৰে অৱশ্যে ফিল্ডিঙক লৈ বিশেষ চিন্তিত৷ কাৰণ, প্রতিযোগিতাখনত ভাৰতীয় ফিল্ডাৰে এতিয়ালৈকে ১৩টাকৈ কেচ আয়ত্ত কৰাত ব্যর্থ হৈছে৷ অৱশ্যে আজিৰ গুৰুত্বপূর্ণ মেচখনত ফিল্ডাৰসকলে সুচাৰুৰূপে নিজৰ দায়িত্ব পালন কৰিব বুলি আশা ব্যক্ত কৰি অধিনায়কগৰাকীয়ে লগতে কয় যে এই মেচখনত জয়লাভ কৰিবলৈ হ’লে বলাৰসকল অধিক আক্রমণাত্মক হ’ব লাগিব৷ বলাৰসকলে প্রতিযোগিতাখনত এতিয়ালৈকে নিজৰ শ্রেষ্ঠখিনি উজাৰি দিব পৰা নাই৷ বেটাৰৰ লগতে বলাৰসকলেও যদি নিজৰ ছন্দ ঘূৰাই আনিব পাৰে তেতিয়াহ’লে মেচখনত আমি জয়লাভ কৰাটো নিশ্চিত৷ ইংৰাজ বাহিনী বেটিং আৰু বলিং দুয়োটা বিভাগতে অধিক শক্তিশালী৷ গতিকে, মেচখন ৰোমাঞ্চকৰ হোৱাটো খাটাং বুলি মন্তব্য কৰে অধিনায়ক সূর্যকুমাৰ যাদৱে৷

খেলৰ সময় : নিশা ৭ বজা৷

You might also like