নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : মধ্যপ্রাচ্যত অগ্নিময় পৰিস্থিতি

উন্মনা ফাগুন ! ফাগুনত সৰাপাতে ব’হাগ অহাৰ বতৰা দিছে৷ পুৰণাক বিদায় দি প্রত্যাশাৰ এক সেউজ পৃথিৱী উপহাৰ দিয়াত ব্যস্ত প্রকৃতি৷ কিন্তু তেনে সময়তেই পশ্চিম এছিয়াৰ বতাহত বিয়পিছে বাৰুদৰ গোন্ধ৷ কেঁচা তেজেৰে ৰঙীন হৈ পৰিছে চৌদিশ৷ আমেৰিকা–ইজৰাইলৰ যৌথ প্রচেষ্টাত ইৰানত ভয়ানক পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ ইৰানতেই ৫৫৫তকৈ অধিক লোকৰ মৃত্যু হৈছে৷ এই সংখ্যা ক্রমাৎ বৃদ্ধি পাই গৈ থাকিব৷ আমেৰিকা–ইজৰাইলে তেহৰানৰ সামৰিক শক্তি আৰু পাৰমাণৱিক শক্তিক চূর্ণ কৰাৰ লক্ষ্যৰে এই অভিযান অব্যাহত ৰাখিছে৷ এই অভিযান অধিক ধ্বংসাত্মক হৈ উঠাৰ লগে লগে চিন্তিত হৈছে ভাৰত৷ কাৰণ মধ্যপ্রাচ্যত বহু ভাৰতীয় আবদ্ধ হৈ আছে৷ কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীয়ে অলপতে এক বিবৃতিত কয় যে ‘পশ্চিম এছিয়াৰ ভিন্ন দেশত আবদ্ধ হৈ থকা ভাৰতীয়সকলক শীঘ্রে ঘৰলৈ ঘূৰাই অনা হ’ব৷ সংশ্লিষ্ট দূতাৱাসৰ উচ্চপদস্থ বিষয়াৰ সৈতে আলোচনা চলি আছে৷ ‘শনিবাৰে ইৰানক আক্রমণ কৰাৰ পিছত মধ্যপ্রাচ্যত থকা ইজৰাইল আৰু আমেৰিকাৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি অসাৱধানতাৰে ইৰানে আক্রমণ চলাই আছে৷ এই পৰিস্থিতি উদ্ভৱ হোৱাৰ পিছতেই ভাৰতৰ প্রধানমন্ত্রীয়ে কয়– ভাৰতে সদায় আলোচনাৰ জৰিয়তেহে সমস্যা সমাধান কৰিবলৈ আগ্রহী৷ কাৰণ সংঘাততকৈ শান্তি অধিক শক্তিশালী৷’

দেশৰ প্রধানমন্ত্রীগৰাকীয়ে মধ্যপ্রাচ্যৰ কেইবাখনো দেশত আবদ্ধ ভাৰতীয়সকলৰ সুৰক্ষাৰ প্রতিও উদ্বেগ প্রকাশ কৰিছে৷ কিন্তু ভাৰতৰ এই আলোচনাৰ স্থিতিৰ বিপৰীতে কিছু বিশেষজ্ঞই মত প্রকাশ কৰে যে ইৰানে এই সংঘাত দীঘলীয়া কৰিব বিচাৰিছে৷ তেওঁলোকৰ কৌশল– পশ্চিম এছিয়াত যদি অস্থিৰতা দীর্ঘদিন চলে তেন্তে বহু দেশৰ ব্যৱসায়–বাণিজ্য ক্ষতি হ’ব৷ এনে পৰিস্থিতি সৃষ্টি হ’লে মিত্রশক্তিয়ে আমেৰিকা–ইজৰাইলৰ ওপৰত হেঁচা প্রয়োগ কৰিব৷ সেয়ে ইৰানে আমেৰিকাৰ মিত্রৰাষ্ট্র বাহৰেইন, কাটাৰ, সংযুক্ত আৰব আমিৰ শ্বাহী, কুৱেইটক লক্ষ্য কৰি আক্রমণ কৰি গৈছে৷ এই আক্রমণক বহুতে পৰিকল্পিত বুলি কৈছে৷ কাৰণ আমেৰিকাৰ ভিন্ন ঘাটি আক্রমণ কৰাৰ উপৰি ইৰানে লক্ষ্য কৰি লৈছে– হোটেল, বন্দৰ৷ এনে পৰিস্থিতিত ৰাছিয়ায়ো শীঘ্রে যুদ্ধবিৰতিৰ দাবী জনাইছে৷ ঘন জনবসতিপূর্ণ অসামৰিক অঞ্চলত হোৱা আক্রমণক মস্কোৱে তীব্র গৰিহণা দিছে৷ চীনেও যুদ্ধবিৰতিৰ প্রস্তাৱ আগবঢ়াইছে৷ চীনে কয় যে আলোচনাই একমাত্র বাট৷ ৰাছিয়া–চীন–ভাৰতে আলোচনাৰ বাবে মত প্রকাশ কৰিলেও আমেৰিকা–ইজৰাইলে ইৰানৰ পাৰমাণৱিক শক্তিৰ মজুত থকা ঠাই ধ্বংস আৰু বর্তমানৰ শাসক গোটক উফৰাই পেলোৱাৰ উদ্দেশ্যে এই যুদ্ধ চলাই থাকিব৷ অৱশ্যে ৱাশ্বিংটনে এই যুদ্ধ দীর্ঘকালীন নহয় বুলি মত প্রকাশ কৰে৷ যদি এই যুদ্ধ বিশেষজ্ঞসকলে কোৱাৰ দৰে ইৰানে দীর্ঘকালৰ বাবে চলাই থাকে তেনেহ’লে ভাৰতত ইয়াৰ নেতিবাচক প্রভাৱ পৰাৰ সম্ভাৱনাই অধিক৷

যদিও ভাৰতে ইৰানৰ পৰা পোনপটীয়াকৈ বিশেষ তেল আমদানি নকৰে, তথাপি ভাৰতে নিজৰ প্রয়োজনীয় তেল ৮৫ শতাংশতকৈ অধিক বিদেশৰ পৰা ক্রয় কৰিব লগা হয়৷ ইয়াৰে প্রায় ৫০ শতাংশ আমদানি হৰমুজ জলদ্বীপৰ মাজেৰে আহে৷ ইৰাক, ছৌদি আৰব, সংযুক্ত আৰব আমিৰ শ্বাহী, কুৱেইট আদি দেশৰ পৰা প্রতিদিনে প্রায় ২৫ৰ পৰা ২৭ লাখ বেৰেল তেল আহে৷ কেৱল সেয়াই নহয়, তৰলীকৃত প্রাকৃতিক গেছৰ চাহিদাৰ প্রায় ৬০ শতাংশও এই পথেৰে আমদানি কৰা হয় ৷ ফলত বিশ্বৰ এই গুৰুত্বপূর্ণ জলপথটো বন্ধ হ’লে পেট্ৰ’লিয়াম সামগ্রীৰ যোগান ব্যাহত হ’ব৷ ইয়াৰ ফলত দাম বাঢ়িব পাৰে৷ দাম বাঢ়িলেই ভাৰত বিপদত পৰাৰ সম্ভাৱনাই অধিক৷ এক তথ্য অনুযায়ী বর্তমান ভাৰতত ১০–১৫ দিনৰ বাবে খাৰুৱা তেল মজুত আছে৷ লগতে ৭–১০ দিনৰ চাহিদা পূৰণ কৰিব পৰাকৈ যথেষ্ট পৰিমাণৰ ৰিফাইন ইন্ধন আছে৷ যদি হৰমুজ প্রণালী দীর্ঘদিনলৈ বন্ধ হৈ থাকে তেন্তে ভাৰতত ইয়াৰ প্রভাৱ অধিক ভয়াৱহ হ’ব৷ ভাৰতৰ অর্থনীতিত প্রভাৱ পৰিব৷ আনফালে, ইৰানৰ সর্বোচ্চ নেতাৰ মৃত্যুৰ লগে লগে ভাৰতৰ বৈদেশিক নীতি কঠোৰ প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ইৰান–ইজৰাইলৰ সংঘাতত ভাৰত চৰকাৰে এতিয়াও নিৰপেক্ষ স্থিতি বর্তাই ৰাখিছে৷ ইৰান ভাৰতৰ পুৰণি বন্ধু ৷ কেৱল কূটনৈতিক সম্পর্কই নহয়, ভাৰতৰ সৈতে ইৰানৰ সাংস্কৃতিক সম্পর্কও আছে৷ ইছলামিক ৰিপাব্লিক অৱ ইৰানে বিগত সময়ত কেইবাবাৰো ৰাষ্ট্রসংঘত কাশ্মীৰ বিষয়ত ভাৰতৰ কাষত থিয় দিছে৷ তদুপৰি ইৰানৰ দক্ষিণ উপকূলৰ চিস্তান–বেলুচিস্তান অঞ্চলত অৱস্থিত চাবাহাৰ বন্দৰটো কৌশলগতভাৱে ভাৰতৰ বাবে অতি গুৰুত্বপূর্ণ৷ বিশেষকৈ পাকিস্তানৰ সৈতে উত্তেজনা ভাৰতৰ বাবে এই বন্দৰৰ গুৰুত্ব বাঢ়িছে৷ আন্তঃৰাষ্ট্রীয় আমদানি আৰু ৰপ্তানিৰ বাবে চাবাহাৰ বন্দৰ ভাৰতৰ বাবে সকলোতকৈ গুৰুত্বপূর্ণ৷

ইৰানৰ মোল্লাৰ সহযোগত ভাৰতে এই চাবাহাৰ নির্মাণ কৰিছিল৷ যোৱা বছৰলৈকে ভাৰতে সেই বন্দৰত নিয়মীয়াকৈ বিনিয়োগ কৰিছিল৷ যদি ইৰানত আমেৰিকাই ভবাৰ দৰে চৰকাৰ সলনি হৈ আমেৰিকাৰ প্রতি আনুগত্যশীল নেতাৰ চৰকাৰ হয়, তেনেহ’লে ভাৰত–ইৰানৰ সম্পর্ক কি হ’ব সহজেই অনুমেয়৷ ভাৰতে বিশ্বৰ মুছলমান বন্ধুক হেৰুৱাব৷ ভাৰতৰ মধ্যপ্রাচ্যৰ বহু দেশৰ সৈতে সম্পর্ক থাকিলেও ইৰানৰ লগতো ভাল সম্পর্ক আছিল৷ অলপতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ইৰানৰ শত্রু দেশ ইজৰাহল ভ্রমণ কৰি বিশ্ব ৰাজনীতিৰ মঞ্চত এক নতুন সমীকৰণৰ সৃষ্টি কৰিছে৷ দুয়োখন দেশৰ মাজত বিশেষ কৌশলগত অংশীদাৰিত্ব লৈ উন্নতি কৰাকে আদি বহু গুৰুত্বপূর্ণ বিষয়ে স্থান লাভ কৰে৷ আনফালে মন কৰিবলগীয়া কথা যে আমেৰিকাৰ পাকিস্তানপ্রীতিৰ কথা সকলোৱে জানে৷ যদি ইৰানত আমেৰিকাৰ আনুগত্যশীল চৰকাৰ হয় তেনেহ’লে ইৰানে পাকিস্তানকহে সমর্থন কৰিব পাৰে৷ যিটো ভাৰতৰ বাবে ডাঙৰ আঘাত৷ আনফালে চীনেও ভাৰতৰ শক্তি হ্রাস কৰাৰ বাবে পাকিস্তানৰ সৈতে মিলি আছে৷ তেনে প্রাকক্ষণত ভাৰতে এই সংকটৰ সময়খিনিত কি ভূমিকা পালন কৰিব সেয়া হ’ব লক্ষণীয়৷

You might also like