নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল যোগেন মহন-তেৰছ গোৱালা-প্ৰমোদ বড়োৰ

ডিজিটেল ডেস্ক, ৫ মাৰ্চ : ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত বিজেপি নেতা তথা মন্ত্ৰী যোগেন মহন আৰু বিধায়ক তেৰছ গোৱালাই আজি দাখিল কৰে নিজৰ মনোনয়ন পত্ৰ। ১৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ এই দুগৰাকী প্ৰাৰ্থীয়ে আজি মনোনয়ন দাখিল কৰে । ইফালে, তৃতীয়খন আসনৰ বাবে মিত্ৰদল ইউপিপিএলৰ প্ৰমোদ বড়োৱে দাখিল কৰে মনোনয়ন।

উল্লেখ্য যে ৰাজ্যৰ তিনিখন ৰাজ্যসভা আসনৰ দুখনৰ বাবে বিজেপিয়ে কেবিনেট মন্ত্ৰী যোগেন মহন আৰু দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। ইয়াৰ বিপৰীতে তৃতীয়খন আসন বিজেপিৰ মিত্ৰদল ইউপিপিএলক এৰি দিয়া হৈছে ।

নিৰ্বাচনী সূচী অনুসৰি, ৬ মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব। তদুপৰি ৯ মাৰ্চ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হিচাপে ধাৰ্য কৰা হৈছে । ১৬ মাৰ্চত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ।

ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ চাইকেলেৰে উপস্থিত হয় বিধায়ক তেৰছ গোৱালা । মনোনয়ন দাখিল কৰিবলৈ আহি যোগেন মহনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় ।

মনোনয়ন দাখিলৰ সময়ত প্ৰাৰ্থীকেইগৰাকীৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী অশোক সিংহল, ৰঞ্জিত কুমাৰ দাস, কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাকে ধৰি দলৰ কেইবাজনো জ্যেষ্ঠ নেতা । আনহাতে, প্ৰমোদ বড়োৰ মনোনয়ন দাখিলৰ সময়ত ইউপিপিএলৰ কেইবাজনো নেতা তেওঁৰ সৈতে উপস্থিত থাকে ।

You might also like