সমাগত বিধানসভা নিৰ্বাচনক লৈ ক্ৰমাৎ তৎপৰতা বৃদ্ধি পাইছে নলবাৰী জিলাৰ নৱগঠিত ৪০নং টিহু বিধানসভা সমষ্টিত। সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ পিছত পূৰ্বৰ ধৰ্মপুৰ, বৰমা আৰু পাটাছাৰকুছি সমষ্টিৰ পৰা নতুনকৈ গঠন হৈছে টিহু বিধানসভা সমষ্টি। কেইবাটাও কাৰণৰ বাবে টিহু বিধানসভা সমষ্টিটো এইবাৰ চৰ্চালৈ অহা পৰিলক্ষিত হৈছে।
ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ আশীৰ্বাদ বিচাৰি বিভিন্ন প্ৰান্তত আৰম্ভ কৰিছে “জন আশীৰ্বাদ” যাত্ৰা। ইতিমধ্যে জন আশীৰ্বাদ যাত্ৰাত জনসাধাৰণৰ পাৰভঙা উছাহ পৰিলক্ষিত হোৱা দেখা গৈছে। টিহু বিধান সভা সমষ্টিতো ৯ মাৰ্চত অনুষ্ঠিত হ’ব “জন আশীৰ্বাদ” যাত্ৰা।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সমষ্টিটোত আদৰিবলৈ সাজু হৈ পৰিছে সমৰ্থক সকল। কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী চূড়ান্ত হোৱা নাই। বিৰোধী কংগ্ৰেছ দলে ৰাজ্যৰ বিৰোধী দলসমূহক লৈ মহাজোঁট গঠন কৰিছে যদিও একে সময়তে শাসকীয় বিজেপিয়ে অনুষ্ঠিত কৰিছে বৈঠকৰ পিছত বৈঠক। তাৰ মাজতে এইবাৰ নতুন মুখৰ সম্ভাৱনা বেছি বুলি চর্চিত হৈছে।
ইফালে পূৰ্বৰ ধৰ্মপুৰ সমষ্টিৰ নাম সলনি কৰি কৰা হৈছে টিহু সমষ্টি। টিহু সমষ্টি হিচাপেও বিজেপিৰ গণভিত্তি কমা নাই। পূৰ্বৰ ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে পুনৰ টিকট লাভ কৰিব নে নাই তাকে লৈ চলিছে ব্যাপক চর্চা।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভাত গুৰুত্বপূৰ্ণ স্থানত থকা চন্দ্রমোহন পাটোৱাৰীৰ আছে দীর্ঘ বছৰৰ ৰাজনৈতিক অভিজ্ঞতা তথা বিজেপিৰ হাইকামাণ্ডৰ সৈতে আছে ঘনিষ্ঠতা। সেই ফালৰ পৰা মন্ত্রী পাটোৱাৰীয়ে পুনৰবাৰ টিহু সমষ্টিত টিকট লাভ কৰিব পাৰে। কিন্তু বয়সে হয়তো পাটোৱাৰীৰ টিকট পোৱাত হেঙাৰ হ’ব পাৰে বুলিও চৰ্চিত হৈছে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সমাগত বিধানসভা নিৰ্বাচনত যুৱ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হব বুলি বিভিন্ন সময়ত কৈ আহিছে। যদিহে টিহু সমষ্টিত নতুন মুখে প্রার্থীত্ব লাভ কৰে তেনেহ’লে সমষ্টিটোৰ বানেকুছিৰ উদিয়মান যুৱক তথা অসম অলিম্পিক সন্থাৰ সহঃ সম্পাদক ত্রিনয়ন বৰ্মনে দীর্ঘদিন ধৰি সমষ্টিটোৰ ৰাইজৰ সুখ দুখৰ সমভাগী হৈ আহিছে। বিভিন্ন সভাই সমিতিত অংশগ্ৰহণ কৰা, সমষ্টিবাসীৰ দুখ দুর্দশাৰ সময়ত সহায়ৰ হাত আগবঢ়াই জনপ্রিয় হৈ পৰিছে ত্ৰিনয়ন বর্মন। পূৰ্বে আৰ. এছ. এছ.ৰ কাৰ্যকৰ্তা হিচাপে কাম কৰা ত্রিনয়ন বৰ্মনে সুদীর্ঘ বছৰ ধৰি বিজেপিৰ সাংগঠনিক কাম কাজত ওতঃপ্রোতভাবে জড়িত হৈ আছে।
অসম ৰাজ্যিক বিদ্যুত বিভাগৰ কৰ্মচাৰী হিচাপে কাম কৰা ত্রিনয়ন বর্মনে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে চাকৰি ইস্তফা দি ধৰ্মপুৰ সমষ্টিৰ পৰা বিজেপিৰ টিকট বিচাৰিছিল যদিও টিকট নাপালে। তাৰ পিছতো বৰ্তমানৰ টিহু সমষ্টিৰ ৰাইজৰ সুখ দুখৰ সমভাগী হৈ আহিছে সমাজপ্ৰিয় যুৱক ত্ৰিনয়ন বৰ্মন ।
আনফালে অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অধ্যক্ষ তথা ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ, স্তম্ভ লেখক-অৰ্থনীতিবিদ ড° দেৱজিত মহন্তও এইবাৰ টিহু সমষ্টিৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ। ইতিমধ্যে দেৱজিত মহন্তই সমষ্টিটোৰ ৰাইজৰ মাজত সোমাই পৰা পৰিলক্ষিত হৈছে।
কংগ্ৰেছ দলৰ পৰা নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীক ইতিমধ্যে টিহু সমষ্টিত দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। বিগত বিধানসভা নিৰ্বাচনত ৰাতুল পাটোৱাৰীয়ে ধৰ্মপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলি চন্দ্ৰমোহন পাটোৱাৰীৰ হাতত পৰাজিত হৈছিল।
কংগ্ৰেছৰ জনপ্ৰিয় যুৱ নেতা তথা বাকপটু ৰাতুল পাটোৱাৰীৰ প্ৰাৰ্থীত্বই কংগ্ৰেছ শিৱিৰক উৎসাহিত কৰা পৰিলক্ষিত হৈছে। ইফালে প্ৰাক্তন মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ প্ৰাক্তন বিধায়ক পবিন্দ্ৰ ডেকায়ো নিৰ্দলীয়কৈ প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ বাবে নিৰ্বাচনী সমিতি গঠন কৰিছে।
বিগত বিধানসভা নিৰ্বাচনত পাটাছাৰকুছি সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ পৰা নিৰ্বাচন খেলি শোচনীয়ভাৱে পৰাজয় বৰণ কৰিছিল ডেকাই। নিৰ্বাচনত পৰাজয় বৰণ কৰি নিষ্ক্ৰিয় হৈ পৰা পৱিন্দ্ৰ ডেকাই পুনৰ টিহু সমষ্টিত এইবাৰ নিৰ্দলীয় ভাবে নামি পৰিছে।
তাৰ সমান্তৰালভাৱে টিহু সমষ্টিত নিৰ্দলীয়কৈ প্ৰাৰ্থীত্ব আগবঢ়াবলৈ ৰাইজৰ মাজত সোমাইছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপদেষ্টা, সংগ্ৰামী যুৱ নেতা ভাৰত ৰাজবংশী। সামাজিক, শৈক্ষিক ক্ষেত্ৰখনত বহু বছৰ ধৰি সেৱা আগবঢ়াই অহা বিশিষ্ট সাংবাদিক ভাৰত ৰাজবংশীয়ে সমষ্টিটোৰ মানুহৰ ঘৰে ঘৰে গৈ বিভিন্ন আলোচনাত মিলিত হৈছে। নলবাৰী জিলা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক, উদীয়মান কবি ভাৰত ৰাজবংশীয়ে সুদীৰ্ঘ বহু বছৰ ধৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আক্ৰাছুৰ মজিয়াৰ পৰা সংগ্ৰাম অব্যাহত ৰাখিছে।
নিয়মীয়া বাৰ্তা, কৈঠালকুছি, ৫ মাৰ্চ