নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাট বিধানসভাত প্ৰাৰ্থী নহয় পৱিত্ৰ মাৰ্ঘেৰিটা : মুখ্যমন্ত্ৰী ড০ শৰ্মা

ডিজিটেল ডেস্ক, ৬ মাৰ্চ : নানা জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত নিশ্চিত হ’ল যে কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আগন্তুক বিধানসভা নিৰ্বাচনত যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰে। এই সন্দৰ্ভত আজি স্পষ্টকৈ মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখযোগ্য যে আজি নাহৰকটীয়াত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ পদত এজন অসমীয়া সাংসদ অধিষ্ঠিত হৈ থকাটো অসমৰ বাবেই গৌৰৱৰ কথা বুলি মন্তব্য কৰি অসমে এই সুযোগ কেতিয়াও হেৰুৱাব নোখোজে বুলি জানিবলৈ দি আগন্তুক ২০২৯ চনৰ লোকসভা নিৰ্বাচনতহে পৱিত্ৰ মাৰ্ঘেৰিটাই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি একপ্ৰকাৰ ঘোষণা কৰে।

আনহাতে, তেনে প্ৰেক্ষাপটত সম্প্ৰতি অতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা যোৰহাট বিধানসভা সমষ্টিত কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ হৈ কোনে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ পৰা স্থানীয় যিকোনো সাধাৰণ পৰিয়ালৰ যিকোনো এজন জনপ্ৰিয় সন্তানে প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও মত প্ৰকাশ কৰে।

আনহাতে, অখিল গগৈৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা সম্পৰ্কত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিৰোধীৰ মিত্ৰতা নিৰ্বাচনৰ মনোনয়ন দাখিল কৰাৰ অন্তিম দিনালৈকে ধূসৰ হৈ থাকিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

You might also like