নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : যুদ্ধ অর্থনীতি

দুদিন আগৰ দৃশ্য ৷ সমগ্র দেশ হোলীৰ আনন্দত মতলীয়া৷ কি মহানগৰ, কি নগৰ, কি গাঁও- লক্ষ লক্ষ মানুহে আবিৰৰ ৰং সানি হোলীৰ আনন্দত বিলীন হৈ গৈছে৷ দিনত যদি ফাকুৱাৰ ৰঙেৰে দেহা ধুইছে, তেন্তে নিশা উচ্ছল পার্টীত নিজকে উটুৱাই দিছে৷ কেৱল হোলীয়েইনে? বিশ্বকাপ টি–২০ ক্রিকেটৰ জ্বৰতো আক্রান্ত হৈ আছে সমগ্র দেশ৷ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত কালি নিশা অনুষ্ঠিত ভাৰত–ইংলেণ্ডৰ ৰুদ্ধশ্বাস ছেমিফাইনেল মেচখন ষ্টেডিয়ামভর্তি দর্শকে উপভোগ কৰাৰ সমান্তৰালকৈ টেলিভিছনৰ পর্দাত মেচখন প্রত্যক্ষ কৰিছে কোটি কোটি ক্রিকেট অনুৰাগীয়ে৷ এই হোলী, এই ক্রিকেটৰ লগতে অসম, পশ্চিমবংগসহ কেইখনমান ৰাজ্যক চুই গৈছে নির্বাচনী বতাহেও৷ এই নির্বাচনী উছাহত ৰাজনৈতিক দলৰ নেতাসকলে জঁপিয়াই পৰাৰ লগতে ৰাইজেও সমানে অংশগ্রহণ কৰিছে৷ এনেবোৰ দৃশ্য দেখিলে ধাৰণা কৰাত অসুবিধা হয় যে বিশ্বৰ অন্য প্রান্তত তিনিখন অত্যন্ত ভয়াৱহ আৰু স্পর্শকাতৰ যুদ্ধ চলি আছে৷ প্রায় বছৰদিয়েক হ’বৰে হ’ল ৰাছিয়া–ইউক্রেইনৰ যুদ্ধৰ৷ বিশ্বৰ গৰিষ্ঠসংখ্যক নেতৃত্বই এই যুদ্ধ বন্ধ কৰাৰ বাবে অহোপুৰুষার্থ কৰিছে যদিও না নমনীয় হৈছে পুটিন, না যুদ্ধক্ষেত্র এৰি সেও মানিব খুজিছে খর্বকায় জেলেনেস্কী৷ ভিতৰি ভিতৰি বেছ কিছুদিনৰ পৰাই আফগানিস্তান আৰু পাকিস্তানৰ মাজত উত্তেজনা চলি আছিল৷ শেহতীয়াকৈ এই উত্তেজনাই যুদ্ধৰ ৰূপ লৈছে৷ যোৱা এটা পষেক ধৰি চলি থকা এই যুদ্ধত দুয়োখন ৰাষ্ট্রৰ বহুখিনি হানি–বিঘিনি হৈছে৷ কিন্তু এই দুয়োখন যুদ্ধতকৈ বিশ্ববাসীৰ বাবে সকলোতকৈ উদ্বেগ কঢ়িয়াই আনিছে আমেৰিকা–ইজৰাইলে ইৰানৰ ওপৰত চলোৱা ভয়ংকৰ আক্রমণ৷ আমেৰিকা-ইজৰাইলৰ প্রাণঘাতী মাৰাত্মক আক্রমণত ইৰানৰ ছুপ্রিম’ আয়াতুল্লা খামেনেই নিহত হোৱাৰ উপৰি দেশখনৰ বিস্তৰ ক্ষতি হৈছে৷ বিপৰীতে ইৰানো বহি থকা নাই৷ উন্নত প্রযুক্তিৰ মিছাইল আৰু ড্রোনেৰে ইজৰাইলৰ ওপৰত নির্বিচাৰ আক্রমণ চলোৱাৰ লগতে মধ্যপ্রাচ্যত থকা আমেৰিকাৰ বন্ধু ৰাষ্ট্রৰ ওপৰতো আক্রমণ চলাইছে৷ যদিওবা এই যুদ্ধবোৰে ভাৰতৰ দৰে দেশক প্রত্যক্ষভাৱে কোনো স্পর্শ কৰা নাই, কিন্তু পৰোক্ষভাৱে ভাৰতেও ইয়াৰ মূল্য ভৰিবলগীয়া হৈছে৷ সেই মূল্য হৈছে আর্থিক লোকচানৰ মূল্য৷

আমেৰিকা–ইজৰাইল–ইৰানৰ যুদ্ধৰ ফলত ইতিমধ্যে ভাৰতৰ শ্বেয়াৰ বজাৰত হাহাকাৰৰ সৃষ্টি হৈছে৷ অভাৱনীয়ভাৱে পতন হৈছে শ্বেয়াৰৰ মূল্য৷ দুটা দিনতে কেইবা লাখ কোটি টকা হেৰুৱাব লগা হৈছে শ্বেয়াৰ বজাৰত৷ এই পতনে নিঃসন্দেহে আগত সময়বোৰত ভাৰতৰ ব্যৱসায়িক ক্ষেত্রত প্রভাৱ পেলাব৷ শ্বেয়াৰ বজাৰৰ পতনৰ সমান্তৰালকৈ ডলাৰৰ তুলনাত টকাৰ মূল্যও অভাৱনীয়ভাৱে পতন হৈছে৷ সর্বকালৰ অভিলেখ ভাঙি ১ মার্কিন ডলাৰৰ বিপৰীতে টকাৰ মূল্য হৈছে ৯২.১৮ টকা৷ টকাৰ মূল্যৰ এই হ্রাসে ভাৰতৰ অর্থনীতিত নিঃসন্দেহে মাধমাৰ শোধাব৷ শ্বেয়াৰ বজাৰ আৰু টকাৰ পতনতেই ভাৰতৰ দৰে দেশত যুদ্ধৰ পার্শ্বক্রিয়া শেষ হোৱা নাই৷ ইৰাণে হৰমূজ প্রণালী বন্ধ কৰি দিয়াৰ ফলত প্রায় সমগ্র বিশ্বই খাৰুৱা তেলৰ অভাৱনীয় নাটনিৰ সন্মুখীন হৈছে৷ ইতিমধ্যে বহু দেশত খাৰুৱা তেলৰ দাম বৃদ্ধি পাইছে৷ স্বাভাৱিকভাৱেই ইয়াৰ প্রভাৱ পৰিব ভাৰতৰ ওপৰতো৷ যদিওবা এমাহলৈ ভাৰতৰ তেল মজুত আছে বুলি প্রকাশ পাইছে তথাপি এই যুদ্ধ দীঘলীয়া হোৱা মানেই ভাৰত সংকটৰ সন্মুখীন হোৱা৷ অৱশ্যে ইয়াৰ মাজতে ৰাছিয়াৰ পৰা ভাৰতক খাৰুৱা তেল ক্রয় কৰাৰ বাবে আমেৰিকাই অনুমতি দিয়াতো এক সকাহৰ বতৰা৷ ৰুছ ৰাষ্ট্রপতি পুটিনে ঘোষণা কৰি কৈছে যে তেওঁলোকৰ হাতত ভাৰতক যোগান দিব পৰাকৈ ৯০ লাখ বেৰেল খাৰুৱা তেল মজুত আছে৷ অৱশ্যে ভাৰতৰ দৰে সুস্থিৰ অর্থনীতিৰ দেশৰ বাবে এতিয়াও এই সমস্যা বিশেষ গভীৰ হোৱা নাই যদিও আর্থিকভাৱে দুর্বল সৰু সৰু দেশবোৰে যুদ্ধৰ বাবে অচিৰেই যে তীব্র অর্থনৈতিক সংকটৰ সন্মুখীন হ’ব সেয়া নিশ্চিত৷ এনে চিন্তা–চর্চাৰ মাজতে যুদ্ধই একোখন দেশক কেনেদৰে আর্থিকভাৱে কোঙা কৰি তুলিব পাৰে সেই চর্চাও পোহৰলৈ আহিছে৷ অর্থনৈতিকভাৱে সবল ইজৰাইলে প্রথমে পেলেষ্টাইন আৰু শেহতীয়াকৈ ইৰানৰ বিৰুদ্ধে যুদ্ধ চলাই থকাৰ মাছুল ভৰিবলগীয়া হৈছে৷ ইৰানবিৰোধী যুদ্ধই ইজৰাইলক গভীৰ অর্থনৈতিক সংকটৰ দিশলৈ যে লৈ গৈ আছে সেয়া এটা পৰিসংখ্যাই নিশ্চিত কৰিছে৷ অর্থনৈতিক সমীক্ষকসকলে প্রকাশ কৰা মতে, যুদ্ধৰ বাবে প্রতি সপ্তাহত ইজৰাইলে ৩ বিলিয়ন মার্কিন ডলাৰৰ ক্ষতিৰ সন্মুখীন হৈছে৷ দেশখনৰ উৎপাদন স্তব্ধপ্রায় হৈ পৰাৰ সময়ত প্রতি সপ্তাহত ৩ বিলিয়ন মার্কিন ডলাৰৰ ক্ষতিয়ে ইজৰাইলৰ অর্থনীতিয়ে যে ভাঙি পেলাব সেয়া প্রায় ধুৰূপ৷

You might also like