সম্পাদকীয় : নীৰৱ ঘাতক গুটখা
উত্তৰ-পূর্বাঞ্চল, বিশেষকৈ অসমত কর্কট ৰোগীৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে ৷ সঠিক কাৰণ চিহ্ণিত নহ’লেও কেইটামান অস্বাস্থ্যকৰ অভ্যাসৰ বাবেই কর্কট ৰোগে দেহত থিতাপি লোৱাৰ আশংকা প্রবল৷ মানৱ দেহৰ বিভিন্ন অংগ কর্কট ৰোগত আক্রান্ত হ’ব পাৰে৷ কিন্তু ডিঙি, মুখগহ্বৰ আৰু খাদ্যনলীত কর্কট ৰোগে বাহ লোৱাৰ আঁৰত জর্দা, তামোল–পাণ, চুপাৰি, বিশেষকৈ ধঁপাতে ক্রিয়া কৰে বুলি বিশেষজ্ঞ চিকিৎসকসকলে মত পোষণ কৰে৷ অসমৰ চুকে–কোণে সম্প্রতি ধঁপাত বা খৈনীৰ লগতে গুটখা সেৱনৰ মাৰাত্মক প্রৱণতা পৰিলক্ষিত হয়৷ এই নিচাত আক্রান্ত অধিকাংশই কম বয়সীয়া যুৱক–যুৱতী৷ অৱশ্যে ডেকা–বুঢ়া আটায়ে গুটখা খালে এৰিব নোৱাৰা হয়৷ গুটখা বা পাণ মছলাৰ অধিকাংশতে ধঁপাত ব্যৱহাৰ কৰা হয়৷ ইয়াৰ উপৰি বিভিন্ন সুগন্ধি আৰু সুস্বাদু দ্রব্য, ৰাসায়নিক আৰু কৃত্রিম ৰং থকা গুটখাই সহজতে ক্রেতাক আকর্ষণ কৰে৷ গুটখাৰ মূল উপাদান ধঁপাতে আটাইতকৈ বেছি ক্ষতি কৰে৷ চিগাৰেট, হোঁকা, চুৰট বা পাইপৰ দৰেই গুটখাত থকা ধঁপাতে মানৱ শৰীৰৰ মাৰাত্মক ক্ষতি কৰিব পাৰে৷
ধঁপাত তৈয়াৰ কৰা হয় নিকোটিয়ানা গোত্রৰ উদ্ভিদৰ পাতৰ পৰা৷ এই গোত্রৰ বহু প্রজাতিৰ গছ আছে যদিও নিকোটিয়ানা টেবেকাম আৰু নিকোটিয়ানা ৰাছটিকা প্রজাতিৰ খেতি অধিক পৰিমাণে হোৱা দেখা যায়৷ ধঁপাতৰ পাতত থাকে বিভিন্ন এলকালইড আৰু ইয়াৰে এবিধৰ নাম নিকোটিন৷ আমাৰ দেহত স্নায়ু আৰু পেশীৰ সংযোগস্থল এচিটাইল কোলিন নামৰ এটা যৌগই ৰাসায়নিক দূতৰ ভূমিকা পালন কৰে৷ সেই দূতৰ বার্তা গ্রহণ কৰাৰ বাবে যি ৰিচেপ্টৰবোৰ কোষৰ পর্দাত থাকে, তাৰে অন্যতম হ’ল নিকোটিনিক ৰিচেপ্টৰ৷ নিকোটিনে এই গ্রাহক বা ৰিচেপ্টৰবোৰে স্নায়ুক উত্তেজিত কৰিব পাৰে৷ এইদৰে নিকোটিনে পোনপটীয়াকৈ কিছু পৰিমাণে স্নায়ৱিক প্রৱাহ বৃদ্ধি কৰিবলৈ সক্ষম হয়৷ ইয়াৰ ফলত তাৎক্ষণিক ৰিমজিম ভাব, পেশীৰ সাময়িক সতেজতা, অলপ হাত কঁপা, হূদস্পনৰ গতি আৰু ৰক্তচাপ বাঢ়ি যোৱা দৰে দৈহিক পৰিৱর্তন হ’ব পাৰে৷
উদ্বেগৰ বিষয় যে ইয়াৰ ফলত মস্তিষ্কত ইয়াৰ প্রভাৱ জটিল৷ স্নায়ুসন্ধিত নিকোটিনৰ প্রভাৱৰ ফলত ভোপামিন, গ্লুটামে গামা এমিনো বিউটিৰিক এচিড ইত্যাদি ৰাসায়নিক দ্রব্য নিঃসৰণ হয়৷ নিচা আৰু নিকোটিন নির্ভৰতাৰ বাবে এইবোৰ বহুলাংশে দায়ী৷ অর্থাৎ ধঁপাতৰ গোলাপী নিচাৰ বাবে দায়ী ৰাসায়নিকবিধ হ’ল নিকোটিন৷ হূদৰোগ তথা সেই ধৰণৰ অন্যান্য ৰোগৰ কাৰণ এই নিকোটিনেই৷ তদুপৰি কর্কট ৰোগৰ বাবেও নিকোটিন ধঁপাত বহু পৰিমাণে দায়ী৷ গুটখা বা ধঁপাতজাতীয় দ্রব্যত থকা নিকোটিনৰ উপৰি পলিচাইক্লিক হাইড্র’কার্বন, টবেকো স্পেচিফিক এন–নাইট্র’ছেমাইন (টিএছএনএ) ইত্যাদি কর্কট ৰোগৰ কাৰক বুলি চিহ্ণিত হৈছে৷ গৱেষণাত প্রকাশ যে নিকোটিনেও কর্কট ৰোগ সৃষ্টিৰ কেইটামান পর্যায়ক প্রভাৱান্বিত কৰিব পাৰে আৰু কর্কট চিকিৎসাৰ ক্ষেত্রত বাধা জন্মাব পাৰে৷ নিকোটিন শৰীৰত প্রৱেশ কৰাৰ পাছত বিক্রিয়াৰ ফলত টিএছএনএৰ জন্ম হয়৷ মুঠৰ ওপৰত ক’বলৈ গ’লে মানৱ শৰীৰত বহু ধৰণৰ কর্কটৰ সৈতে ধঁপাত বা গুটখা গভীৰভাৱে জড়িত৷ ডিঙি বা হাঁওফাঁওৰ ওচৰা–উচৰি পিত্তথলী বা গলব্লাডাৰ আৰু মূত্রথলীৰ কর্কট ৰোগ সৃষ্টিত ধঁপাতৰ ভূমিকা পোনপটীয়া৷
ভাৰতত চোবাই খোৱা গুটখা বা ওঁঠৰ ফাঁকত থৈ বা চাধা ৰখাৰ প্রৱণতা অধিক৷ ইয়াৰ ফলত মুখগহ্বৰৰ বিভিন্ন ধৰণৰ কর্কট ৰোগৰ হাৰ আটাইতকৈ বেছি৷ ভাৰতক কোৱা হয় পৃথিৱীৰ মুখৰ কর্কট বা অৰেল কেঞ্চাৰৰ ৰাজধানী৷ প্রতি বছৰে ১০ লক্ষাধিক ভাৰতীয় লোক কেৱল এই ৰোগতে আক্রান্ত হয়৷ এই ধৰণৰ কর্কট জিভা, ওঁঠ, গালৰ ভিতৰৰ ফালে, তালু বা টনছিলত হ’ব পাৰে৷ এই কর্কটত প্রাণহানি হ’ব পাৰে৷ অস্ত্রোপচাৰ বা অন্য চিকিৎসাৰ জৰিয়তে জীৱন ৰক্ষা কৰিব পাৰিলেও মুখগহ্বৰত যি গঠনগত পৰিৱর্তন পৰিলক্ষিত হয়, তাৰ ফলত বীভৎস আৰু পৰৱর্তী জীৱন কালত খোৱা, কথা কোৱা আদি কষ্টদায়ক হৈ উঠে৷ ভাৰতত ২৯টা জনভিত্তিক পঞ্জীয়নৰ পৰা ধঁপাত বা গুটখা চোবোৱা আৰু মুখৰ কর্কট ৰোগৰ সংগৃহীত তথ্য অনুসৰি দেখা যায় যে বয়স অনুসৰি মুখৰ কর্কটৰ সংখ্যা বৃদ্ধি পায়৷ পুৰুষৰ মাজত টনছিল আৰু মহিলাৰ মাজত ওঁঠৰ কর্কটৰ হাৰ অধিক৷
এতিয়া কথা হ’ল– এই ভয়াৱহতা কেনেকৈ ৰোধ কৰিব পৰা যায়৷ নিষেধাজ্ঞা থকা সত্ত্বেও গুট্খাৰ এই ৰাজত্ব কিয়? ইয়াৰ কাৰণ হ’ল আইনৰ সুৰুঙা৷ গুট্খা নিষিদ্ধ হোৱাৰ পাছত বিক্রেতাসকলে টুইন পেক বা সুকীয়াকৈ পাণ মছলা আৰু ধঁপাত বিক্রী আৰম্ভ কৰিছে৷ ইয়াৰ উপৰি বহু ক্ষেত্রত বিক্রেতাসকল এই নিষেধাজ্ঞাৰ ক্ষেত্রত সচেতন নহয়, বিশেষকৈ গাঁও অঞ্চলত৷ আনকি সমীক্ষাত দেখা গৈছে যে নিষেধাজ্ঞা সত্ত্বেও দোকানবোৰৰ ৬৮ শতাংশতেই গুট্খা পোৱা যায়৷ কেৱল আইন বা আৰক্ষীৰ দ্বাৰা এই সমস্যাৰ সমাধান সম্ভৱ নহয়৷ ইয়াৰ বাবে প্রয়োজন ব্যাপক সামাজিক সচেতনতা৷ গুট্খা সেৱন কৰিলে যে জীৱনৰ প্রতি ভাবুকি আহে, আয়ুস কমি আহে–এই সজাগতা সৃষ্টি কৰাটো বৰ জৰুৰী৷ শিক্ষানুষ্ঠান আৰু সংবাদ মাধ্যমত এই সজাগতা যিমানেই সৃষ্টি কৰিব পৰা যায়, সিমানেই মংগলজনক৷ একে সময়তে বিক্রেতাসকলকো সজাগ কৰিব লাগিব যে মানুহৰ জীৱনক লৈ ব্যৱসায় কৰা অনুচিত৷ জনস্বাস্থ্যৰ খাতিৰত গুট্খা বন্ধ কৰিবলৈ কঠোৰ আইনী পদক্ষেপ গ্রহণ কৰাৰ লগতে আসক্তসকলক নিচামুক্তি কেন্দ্রৰ সহায় লোৱা আৰু সামাজিক প্রতিৰোধৰ ওপৰত জোৰ দিব লাগিব৷ চৰকাৰৰ লগতে সামাজিক সংস্থা, এনজি’ আৰু সুস্থ মানসিকতাৰ ব্যক্তিসকলে যিমান পাৰে সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰা বাঞ্ছনীয়৷ এই সজাগতা অভিযানত সাধাৰণ লোকৰ অংশগ্রহণ অত্যন্ত প্রয়োজনীয়৷ গুট্খা বন্ধ কৰাটো সময়ৰ জৰুৰী পদক্ষেপ৷