ইৰানৰ নতুন সৰ্বোচ্চ নেতা মোজতাবা খামেইনী; আনুষ্ঠানিক ঘোষণাৰ পিছতে ট্ৰাম্পৰ প্ৰতিক্ৰিয়া
ডিজিটেল ডেস্ক, ৯ মাৰ্চ : ইজৰাইল-আমেৰিকাৰ আক্ৰমণত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ মৃত্যুৰ পিছত শেহতীয়াকৈ ইৰানৰ সৰ্বোচ্চ নেতা কোন হব, তাক লৈ চৰ্চা চলি আছিল। অৱশেষত ইৰানৰ প্ৰয়াত নেতা আয়াতুল্লাহ আলী খামেইনীৰ পুত্ৰ মোজতাবা খামেইনীক তেওঁৰ উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰা হ’ল।
অৱশেষত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ল ইৰানৰ নতুন সৰ্বোচ্চ নেতাৰ নাম। আয়াতুল্লাহ আলী খামেইনীৰ পুত্ৰ মোজতাবা খামেইনীক ইৰানৰ সৰ্বোচ্চ নেতা হিচাপে ঘোষণা কৰা হৈছে। মোজতাবা খামেইনীৰ বয়স ৫৬ বছৰ। ইছলামিক ৰিভ’লুচনেৰী গাৰ্ড কৰ্পছৰ সৈতেও মোজতাবা খামেইনীৰ গভীৰ সম্পৰ্ক আছে।
উল্লেখ্য যে ইৰানৰ সৰ্বোচ্চ নেতা হিচাপে মোজতাবা খামেইনীৰ নাম ঘোষণা কৰাৰ পিছতে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয়- ‘ইৰানে নতুন সৰ্বোচ্চ নেতা হিচাপে মোজতাবা খামেইনীক নিৰ্বাচিত কৰাত মই সুখী নহয়।” ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছিল- ‘খামেইনীৰ পুত্ৰ গ্ৰহণযোগ্য নহয়। ইৰানত এনে এজন ব্যক্তি ক্ষমতালৈ আহক, যিয়ে শান্তি-সম্প্ৰীতি কঢ়িয়াই আনিব। মোৰ অনুমোদন অবিহনে ইৰানত কোনো নতুন নেতাই বেছি দিন টিকি নাথাকিব।’