এসপ্তাহতে ৩১ লাখ কোটি হেৰুৱালে বিনিয়োগকাৰীয়ে
ডিজিটেল ডেস্ক, ১০ মার্চ : ইৰানৰ বিৰুদ্ধে মধ্যপ্রাচ্যত ইজৰাইল–আমেৰিকা মিত্র বাহিনীৰ যুদ্ধত ৰক্তাক্ত হৈছে ভাৰতৰ শ্বেয়াৰ মার্কেট–দালাল ষ্ট্রীট৷ প্রতিদিনে ছেনছেক্স–নিফটীৰ পতন ঘটিছে৷ পৰিণতিত বিনিয়োগকাৰীয়ে বৃহৎ পৰিমাণৰ ধন হেৰুৱাই সৃষ্টি হৈছে মূৰে–কপালে হাত দিবলগীয়া অৱস্থা৷ ইয়াৰ সমান্তৰালভাৱে ডলাৰৰ তুলনাত ভাৰতীয় মুদ্রাৰো অভাৱনীয় পতন ঘটিছে৷
ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, যোৱা ২৮ ফেব্রুৱাৰীত আৰম্ভ হোৱা যুদ্ধকালীন পৰিস্থিতিৰ পিছত বজাৰ খোলা থকা এসপ্তাহতে বিনিয়োগকাৰীয়ে হেৰুৱাইছে ৩১ লাখ কোটি টকা৷ বিশ্বব্যাপী সংঘাতপূর্ণ পৰিস্থিতি, অপৰিশোধিত তেলৰ দাম বৃদ্ধি, ভাৰতীয় মুদ্রাৰ পতন আৰু বিদেশী বিনিয়োগকাৰীয়ে ভাৰতীয় ইকুইটিৰ পৰা বৃহৎ পৰিমাণৰ ধন উঠাই নিয়াটোৱে কার্যতঃ দেশৰ অর্থনীতিলৈ বিপর্যয়ৰ অশনি সংকেত বহন কৰিছে৷ কেৱল সোমবাৰৰ দিনটোত বজাৰ খোলাৰ পাছতে ছেনছেক্স ২,৫০০ আৰু নিফটীৰ ৬৭৮.৩৫ পইণ্ট পতন ঘটে৷ দিনৰ ১১ বজাত ছেনছেক্স আছিল ৭৬,৭৩৯.৪৬ পইণ্ট৷ সেইদৰে নিফটীৰ ৬৭৮.৩৫ পতন ঘটি উপনীত হয় ২৩,৭৭২.১০ পইণ্টত৷
লক্ষণীয়ভাৱে শ্বেয়াৰ মার্কেটৰ এনে ধাৰাবাহিক পতনৰ ফলত সোমবাৰৰ দিনটোতে বিনিয়োগকাৰীয়ে হেৰুৱাবলগীয়া হয় প্রায় ১৩ লাখ কোটি টকা৷ এই সন্দর্ভত ব্রোকার্জ ফার্মসমূহে দাবী কৰা মতে, ছেনছেক্স–নিফটীৰ এনে ধাৰাবাহিক অস্থিৰতাৰ পৰিণতিত বিদেশী বিনিয়োগকাৰীসকলৰ মাজত ষ্টক বিক্রীৰ প্রৱণতা বৃদ্ধি পাইছে৷ বিগত চাৰিটা ট্রেডিং ছেছনত বিদেশী বিনিয়োগকাৰীসকলে ভাৰতীয় ইকুইটীৰ পৰা উঠাই নিছে প্রায় ২১ হাজাৰ কোটি টকা৷ সোমবাৰে পুৱা ১০.৩০ বজাত নিফটীত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শ্বেয়াৰৰ দাম ৬.৭ শতাংশ হ্রাস হয়৷ সেইদৰে ইণ্টাৰগ্ল’ব এভিয়েচনৰ প্রায় ৬.৬ শতাংশ, মাৰুতি ছুজুকীৰ ৫ শতাংশ, মহিন্দ্রা এণ্ড মহিন্দ্রাৰ ৫.২ শতাংশ, জি এছ ডব্লিউ ষ্টীলৰ ৫.৩ শতাংশ শ্বেয়াৰ মূল্য কমি গৈছে৷ অকল ইমানেই নহয়, চাৰি শতাংশতকৈ অধিক হ্রাস পাইছে এল এণ্ড টি, এছিয়ান পেইণ্টছ, টাটা ষ্টীলৰ দৰে অগ্রণী সংস্থাৰো শ্বেয়াৰ দৰ৷
ইফালে, যুদ্ধকালীন পৰিস্থিতিত ভাৰতীয় মুদ্রাৰ পতনত সর্বকালৰ নজিৰ সৃষ্টি কৰি ডলাৰৰ তুলনাত টকা হৈছেগৈ ৯২.৩০৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল মধ্যপ্রাচ্য বা পশ্চিম এছিয়াত উদ্ভৱ হোৱা অস্থিৰতাৰ কাৰণে অপৰিশোধিত তেলৰ দৰ পূর্বতকৈ ২৫ শতাংশতকৈও অধিক বাঢ়িছে৷ বেৰেলেপতি সম্প্রতি ইন্ধনৰ দাম হৈছে প্রায় ১১৫ ডলাৰ৷ যিটো ২০২০ চনৰ পাছত অস্বাভাৱিক বুলি অর্থনৈতিক বিশ্লেষকসকলে দাবী কৰিছে৷
আন্তঃৰাষ্ট্রীয় সংবাদ প্রতিষ্ঠান বিবিচিৰ তথ্য অনুসৰি, সোমবাৰে পুৱা এছিয়াত ব্রেণ্ট ক্রুডৰ দাম প্রায় ২৪ শতাংশ বৃদ্ধি হৈ ১১৪.৭৪ ডলাৰ হৈছে৷ সেইদৰে নাইমেক্স লাইট ছুইটৰ দাম ২৬ শতাংশ বৃদ্ধি পাইছে৷ সম্প্রতি ইয়াৰ দাম হৈছে ১১৪.৭৮ ডলাৰ৷ ইন্ধনৰ এনে দ্রুত মূল্যবৃদ্ধিয়ে অতি কম দিনৰ ভিতৰতে ১৫০ ডলাৰ অতিক্রম কৰিব বুলি বিশ্লেষকসকলে আশংকা প্রকাশ কৰে৷ এনে অৱস্থাত ভাৰতত পেট্র’ল–ডিজেলৰ দাম বৃদ্ধি নহ’ব বুলি চৰকাৰে আশ্বাস প্রদান কৰিলেও অত্যাৱশ্যকীয় তথা নিত্য ব্যৱহার্য সামগ্রীৰ দৰ আকাশলংঘী হোৱাৰ আশংকা প্রকট৷
বিশ্লেষকসকলৰ মতে, চৰকাৰে আশ্বস্ত কৰিলেও মধ্যপ্রাচ্যৰ যুদ্ধ যদি দীর্ঘম্যাদী হয় তেন্তে তেলৰ দামে অভিলেখ অতিক্রম কৰিব পাৰে৷ মন কৰিবলগীয়া যে ভাৰতে মুঠ চাহিদাৰ ৮৫ শতাংশ ইন্ধনেই বহিঃৰাষ্ট্রৰ পৰা আমদানি কৰে৷ আমদানি দৰ বৃদ্ধি পালে নিশ্চিতভাৱে তেল বিপণন সংস্থাসমূহে পেট্র’ল–ডিজেলৰ দাম বঢ়াবলৈ হেঁচা দিয়ে চৰকাৰৰ ওপৰত৷ পৰিণতিত ব্যয়বহুল হৈ পৰে পৰিবহণ ক্ষেত্র৷ যিমানেই সৰবৰাহ ব্যয় বৃদ্ধি পাব সিমানেই প্রভাৱ পৰে ৰং, টায়াৰ, ৰাসায়নিক কাৰখানাসমূহকে ধৰি বিভিন্ন খণ্ডত৷ পৰিণতিত বাঢ়ি গৈ থাকে অত্যাৱশ্যকীয়–নিত্য ব্যৱহার্য সামগ্রীৰ দাম৷
উল্লেখ্য যে যোৱা ২৮ ফেব্রুৱাৰীত ইৰানত যুটীয়াভাৱে আক্রমণ চলাইছিল ইজৰাইল–আমেৰিকাই৷ এই যুদ্ধকালীন পৰিস্থিতি তিনিওখন দেশৰ মাজতে সীমাবদ্ধ হৈ থকা নাই৷ বৰঞ্চ প্রত্যাক্রমণ হিচাপে ইতিমধ্যে ইৰানে কুৱেইট, বাহৰেইন, ওমান, জর্দান, সংযুক্ত আৰব আমীৰ শ্বাহী, ছৌদি আৰব, তুৰস্ক আদি মধ্য এছিয়াৰ দেশত থকা মার্কিন ঘাটিৰ ওপৰত ক্ষেপণাস্ত্র নিক্ষেপ কৰিছে৷ সমান্তৰালভাৱে অপৰিশোধিত তেল সৰবৰাহৰ মূল পথ হৰমুজ প্রণালী বন্ধ কৰি দিছে ইৰানে৷ বিশেষকৈ ভাৰতৰ অর্থনীতিত ইয়াৰ প্রভাৱ পৰিছে৷ যদিহে যুদ্ধ দীর্ঘদিনীয়া হয় তেন্তে পেট্র’ল–ডিজেলৰ দাম বৃদ্ধিৰ সমান্তৰালকৈ যান–বাহনৰ ভাৰাও ব্যাপকভাৱে বাঢ়িব৷ যিয়ে প্রভাৱ পেলাব দেশৰ মুদ্রাস্ফীতিত৷ অর্থাৎ মধ্যপ্রাচ্যৰ যুদ্ধৰ কুফল সাধাৰণ মানুহৰ জেপত পৰাৰ আশংকা প্রকাশ কৰিছে অর্থনৈতিক বিশ্লেষকসকলে৷