ডিজিটেল ডেস্ক, ১১ মার্চ : অসমৰ সাহিত্য, সংস্কৃতি, সমাজসেৱাত অসাধাৰণ বৰঙণি আগবঢ়োৱা বিশিষ্ট মহিলা উদ্যোগী তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাক অসম মহিলা বিশ্ববিদ্যালয়ে সর্বোচ্চ সন্মান Honoris Causa (D.Litt) আগবঢ়ায়৷
উত্তৰ–পূর্বাঞ্চলৰ প্রথমখন মহিলা বিশ্ববিদ্যালয় হিচাপে পৰিচিত অসম মহিলা বিশ্ববিদ্যালয়ে মঙলবাৰে যোৰহাটৰ কলীয়াপানীস্থিত বিশ্ববিদ্যালয়ৰ অস্থায়ী প্রেক্ষাগৃহত আয়োজন কৰা পঞ্চম দীক্ষান্ত সমাৰোহত ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচার্য লক্ষ্মণ প্রসাদ আচার্যই এই সন্মান আগবঢ়ায় বিশিষ্ট মহিলা উদ্যোগীগৰাকীক৷ এই সন্মান গ্রহণ কৰি ৰিণিকি ভূঞা শর্মাই কয়–নাৰী শিক্ষাৰ দিশত অনবদ্য বৰঙণি আগবঢ়াই অহা অসম মহিলা বিশ্ববিদ্যালয়ে প্রদান কৰা এই সন্মান গ্রহণ কৰি মই অভিভূত৷ আজিৰ পৰা এই সন্মানে আমাক সমাজৰ প্রতি অধিক দায়বদ্ধ কৰিলে৷ জীৱনত মাথোঁ সমাজৰ স্বার্থত কাম কৰি গৈ আছিলোঁ৷ কোনোদিন এনেকুৱা এটি সন্মান লাভ কৰিম বুলি ভবাই নাছিলোঁ৷
তেওঁ কয়– আটাইতকৈ ভাল লাগিছে যে নাৰী শিক্ষাৰ অন্যতম অনুষ্ঠানটিয়ে আজি মোৰ দৰে এগৰাকী উদ্যোগীক এই সন্মানেৰে সন্মানিত কৰিলে৷ মই অত্যন্ত সুখী৷ লগতে তেওঁ কয়– আজি মোক এই সন্মানে আৰু অধিক দায়বদ্ধ কৰিলে৷ এতিয়া পাছলৈ চোৱাৰ সময় নহয়, আমি মহিলা উদ্যমিতাৰ কথা সদায় কৈ থাকোঁ৷ কিন্তু সেই নতুন প্রজন্মৰ এইসকল নাৰীক লৈ আগুৱাই যাব লাগিব বুলি মন্তব্য কৰে৷
ইপিনে, এই দীক্ষান্ত সমাৰোহত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই অংশ লৈ বিশ্ববিদ্যালয়খনৰ ছাত্রীসকলক উদ্দেশ্যি বহুকেইটা সময়োপযোগী মন্তব্য আগবঢ়ায়৷ ভাষণ প্রসংগত তেওঁ কয়–শিক্ষা যিহেতু জীৱনব্যাপী৷ নাৰী আগবাঢ়িলেই সমাজখন আগবাঢ়িব৷ বর্তমান আমাৰ ৰাজ্যত মহিলা উদ্যমিতাক লৈ বহু পদক্ষেপ গ্রহণ কৰিছে৷ একেদৰে অসম মহিলা বিশ্ববিদ্যালয়ে নতুন শিক্ষানীতিৰ জৰিয়তে নাৰী শিক্ষাক লৈ তৈয়াৰ কৰা পাঠ্যক্রমে বিশেষ প্রভাৱ পেলাব বুলিও মন্তব্য কৰে৷ উল্লেখ্য যে ২০১৩ চনত প্রতিষ্ঠা লাভ কৰা বিশ্ববিদ্যালয়খনৰ পঞ্চম দীক্ষান্ত সমাৰোহত ১৫টা বিভাগৰ ৩৬০গৰাকী ছাত্রীক স্নাতকোত্তৰ ডিগ্রী প্রদান কৰে৷
বিয়লি আয়োজন কৰা উক্ত সমাৰোহৰ আৰম্ভণিতে বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ অজন্তা বৰগোহাঞিয়ে আদৰণী ভাষণ আগবঢ়াই কয়– আজি আমাৰ সকলোৰে বাবে গৌৰৱৰ আৰু আনন্দৰ দিন৷ সমাৱর্তন অনুষ্ঠান কেৱল ডিগ্রী প্রদানৰ আনুষ্ঠানিকতা নহয়৷ এয়া হৈছে নিষ্ঠা, অধ্যৱসায় আৰু শিক্ষাৰ ৰূপান্তৰকাৰী শক্তিৰ এক উৎসৱ৷ ডিগ্রী গ্রহণ কৰা প্রতিগৰাকী ছাত্রীৰ বাবে আজিৰ দিনটো বহু বছৰৰ কঠোৰ পৰিশ্রমৰ সফল সমাপ্তি আৰু এক নতুন দায়িত্ব আৰু সম্ভাৱনাৰে ভৰা যাত্রাৰ আৰম্ভণি৷ উত্তৰ–পূব পার্বত্য বিশ্ববিদ্যালয় (NEHU)ৰ অধ্যাপিকা ষ্টিমলেট ডিখাৰ, মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুর্মী, অসম মহিলা বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ বিনোদ বৰাকে মুখ্য কৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তিয়ে অংশগ্রহণ কৰে৷