নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : অসমৰ চিনেমাৰ বর্তমান

অসমীয়া চিনেমাৰ ইতিহাসত ১০ মার্চ দিনটো বিশেষভাৱে তাৎপর্যপূর্ণ৷ এই দিনটো অসমীয়া চিনেমাৰ জন্মদিন৷ ১৯৩৫ চনৰ এই দিনটোতেই প্রথম অসমীয়া চলচ্চিত্র জয়মতীয়ে মুক্তি লাভ কৰিছিল৷ এই ছবিখন নির্মাণ কৰিছিল সাংস্কৃতিক ব্যক্তিত্ব জ্যোতিপ্রসাদ আগৰৱালাই আৰু তেওঁৰ এই সাহসী উদ্যোগ আৰু শিল্পদৃষ্টিয়ে অসমীয়া চলচ্চিত্র শিল্পৰ ভেটি স্থাপন কৰিছিল৷ বহু উত্থান–পতনৰ মাজেৰে অসমীয়া চিনেমাই নটা দশক আৰু এটা বছৰ সম্পূর্ণ কৰিলে৷ কেতিয়াবা এই শিল্পই সৃজনশীলতা আৰু শিল্পগুণৰ বাবে বিশেষ স্বীকৃতি লাভ কৰিছে, আকৌ কেতিয়াবা আর্থিক সংকট, প্রদর্শন ব্যৱস্থাৰ অভাৱ আৰু সীমিত দর্শক সমাজৰ কাৰণে কঠিন সময়ৰ সন্মুখীন হৈছে৷ এনেকুৱা এটা সংগ্রামী শিল্প–জীৱনৰ জন্মদিনটো অসমৰ চিনেমাকর্মীসকলে উদযাপন কৰি অসমীয়া চিনেমাৰ এই বিশেষ দিনটো উদযাপন কৰিব পাৰিলেহেঁতেন৷ এইবাৰৰ জন্মদিনটো আৰু এটা কাৰণত বিশেষ আছিল৷ এটা সময় আছিল দুখন অসমীয়া চিনেমা প্রদর্শনৰ মাজৰ বিৰতি আছিল কেইবামাহো৷ কিন্তু এই সময়ত অসমত একেলগে তিনিখন অসমীয়া চিনেমাৰ প্রদর্শন হৈ আছে৷ এই সময়টো অসমীয়া চিনেমাৰ কাৰণে বিশেষভাৱে উৎসাহপূর্ণ সময়৷ বর্তমান সময়ত আঞ্চলিক চিনেমাৰ ক্ষেত্রখনলৈ এক নতুন পৰিৱর্তনৰ লহৰ আহিছে৷ ডিজিটেল প্রযুক্তিৰ বিস্তাৰ আৰু অনলাইন প্লেটফর্মৰ আগমনে চলচ্চিত্র নির্মাণ আৰু প্রদর্শনৰ নতুন পথ মুকলি কৰিছে৷ নেটফ্লিক্স, এমাজন আদিৰ দৰে বিখ্যাত আৰু বিশাল আকৃতিৰ প্লেটফর্মৰ লগতে আঞ্চলিক স্তৰতো নিজস্ব প্লেটফর্মৰ আৰম্ভণি হৈছে আৰু এই প্লেটফর্মসমূহে আঞ্চলিক চলচ্চিত্রক বৃহত্তৰ দর্শক সমাজৰ ওচৰলৈ লৈ যোৱাৰ এক নতুন সম্ভাৱনা সৃষ্টি কৰিছে৷ ছবিৰ নান্দনিক দিশৰ ক্ষেত্রতো অসমৰ নতুন প্রজন্মৰ চলচ্চিত্রকাৰসকলে নতুন কাহিনী, নতুন দৃশ্যভাষা আৰু সমাজ বাস্তৱতাক আধাৰ কৰি চলচ্চিত্র নির্মাণত আগবাঢ়িছে৷ কিছুমান অসমীয়া চলচ্চিত্রই ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত স্বীকৃতি লাভ কৰাৰ ফলত এই শিল্পই পুনৰ এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে৷ এই পৰিৱর্তনসমূহে আশাৰ পোহৰ দেখুৱাইছে যদিও অসমীয়া চিনেমাৰ পুনৰুজ্জীৱন এতিয়াও সম্পূর্ণৰূপে সুদৃঢ় হোৱা নাই৷

অসমীয়া চলচ্চিত্র শিল্পৰ মুখ্য সমস্যাসমূহৰ ভিতৰত অন্যতম হৈছে শক্তিশালী বিতৰণ আৰু সঠিক প্রদর্শন ব্যৱস্থাৰ অভাৱ৷ বহুক্ষেত্রত মানসম্পন্ন চলচ্চিত্র নির্মাণ হ’লেও পৰিৱেশকে সেইবোৰক মুক্তি দিবলৈ ৰাজ্যৰ ভিতৰতে যথেষ্টসংখ্যক প্রেক্ষাগৃহ নাপায়৷ ফলত বহু চিনেমা মুক্তিৰ কেইদিনমানৰ ভিতৰতে প্রেক্ষাগৃহৰ পৰা আঁতৰাই দিবলগীয়া পৰিৱেশৰো সৃষ্টি হৈছিল৷ তদুপৰি অসমত চলচ্চিত্র শিল্পৰ বাবে এক সু–সংগঠিত পৰিকাঠামোৰ অভাৱো স্পষ্টভাৱে অনুভৱ কৰা যায়৷ চলচ্চিত্র নির্মাণৰ বাবে অর্থ–যোগান প্রক্রিয়া, পেছাদাৰী প্রশিক্ষণ, বিপণন আৰু বিতৰণৰ ক্ষেত্রত এক শক্তিশালী ব্যৱস্থা এতিয়াও গঢ়ি উঠা নাই৷ এই অভাৱ অব্যাহত থাকিলে শিল্পটোৰ বিকাশ বিচ্ছিন্ন আৰু অনিয়মিত হৈ ৰ’ব৷ বিখ্যাত আৰু বিশাল ডিজিটেল প্লেটফর্মসমূহে নতুন সুযোগ প্রদান কৰিলেও এইবোৰৰ নিজস্ব সীমাবদ্ধতা আছে৷ বিশ্ববজাৰক লক্ষ্য কৰি চলা এই প্লেটফর্মসমূহে সদায় সৰু আঞ্চলিক শিল্পক অগ্রাধিকাৰ নিদিবও পাৰে৷ আনহাতে, অসমীয়া চিনেমাই যদি কেৱল হিন্দী বা দক্ষিণ ভাৰতীয় মূল সোঁতৰ ধাৰা অনুসৰণ কৰিবলৈ চেষ্টা কৰে, তেন্তে ইয়াৰ নিজস্ব সাংস্কৃতিক স্বকীয়তা ক্ষীণ হৈ পৰিব পাৰে৷ এনে প্রেক্ষাপটত অসমীয়া চিনেমাৰ সুস্থ আৰু স্থায়ী বিকাশৰ বাবে কিছুমান গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰা অপৰিহার্য৷ চৰকাৰ, সাংস্কৃতিক সংগঠন আৰু ব্যক্তিগত উদ্যোগৰ মাজত অধিক সহযোগিতা গঢ়ি তুলিব লাগিব৷ আঞ্চলিক চলচ্চিত্র নির্মাণক উৎসাহিত কৰিবলৈ অনুদান, যুক্তিপূর্ণ কৰ ৰেহাই আৰু নীতি–সহায়ৰ দৰে ব্যৱস্থা গ্রহণ কৰিলে শিল্পটো যথেষ্ট শক্তিশালী হ’ব পাৰে৷ চলচ্চিত্র শিক্ষা আৰু প্রশিক্ষণৰ পৰিসৰ আৰু অধিক বিস্তৃত কৰিব লাগিব৷ বিশ্ববিদ্যালয় আৰু শিক্ষা প্রতিষ্ঠানসমূহে চলচ্চিত্র অধ্যয়ন আৰু কাৰিকৰী প্রশিক্ষণৰ সুযোগ বৃদ্ধি কৰিলে নতুন প্রজন্মৰ দক্ষ চলচ্চিত্রকাৰ আৰু কাৰিকৰী কর্মীৰ সৃষ্টি হ’ব৷ বর্তমানৰ যুগটোত ইণ্ডিপেণ্ডেণ্ট চিনেমাই নিজৰ অস্তিত্ব প্রমাণ কৰিব পাৰিছে৷ সেই ছবিবোৰৰ বাবে বিকল্প প্রদর্শন ব্যৱস্থা গঢ়ি তোলা অত্যন্ত জৰুৰী৷ অসমীয়া চিনেমাৰ জন্মদিন উদযাপন কৰাৰ সময়ত কেৱল অতীতৰ গৌৰৱ স্মৰণ কৰাতেই সীমাবদ্ধ নাথাকি ভৱিষ্যতৰ দায়িত্বও চৰকাৰ আৰু শিল্পকর্মীসকলে অনুভৱ কৰিব লাগে৷ যদি সৃজনশীলতা, সংগঠিত উদ্যোগ আৰু সাংস্কৃতিক আত্মবিশ্বাসেৰে আগবাঢ়িব পাৰে, তেতিয়া অসমীয়া চিনেমাই আগন্তুক সময়ত কেৱল টিকি থকাই নহয়– ভাৰতীয় আঞ্চলিক চিনেমাৰ মাজত এক শক্তিশালী আৰু স্বকীয় স্থান অধিকাৰ কৰিব পাৰিব৷

You might also like