ডিজিটেল ডেস্ক, ১১ মার্চ : প্রয়াত শিল্পী জুবিন গার্গৰ সোণাপুৰস্থিত সমাধি ক্ষেত্রৰ নির্মাণৰ বাবে ৰাজ্য চৰকাৰে ১০ বিঘা মাটি আবণ্টন দিছে৷ মঙলবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত সম্পন্ন হোৱা কেবিনেট বৈঠকে জুবিন ক্ষেত্রৰ ১০ বিঘা মাটি শিল্পীগৰাকীৰ সমাধি ক্ষেত্র নির্মাণৰ বাবে সাংস্কৃতিক পৰিক্রমা বিভাগক আবণ্টন দিয়ে৷
কেবিনেট বৈঠকৰ অন্তত অনুষ্ঠিত এখন সংবাদ মেলত মুখ্যমন্ত্রীগৰাকীয়ে এই সিদ্ধান্তৰ কথা সদৰী কৰে৷ সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই জনায় যে মাটি আবণ্টনৰ ক্ষেত্রত ভূমিৰাশি কাৰ নামত আবণ্টন দিব, সেই লৈ দ্বিধাগ্রস্ততা আছিল৷ কিন্তু এতিয়া কেবিনেটে ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্রৰ দৰেই জুবিন ক্ষেত্রৰ ভূমিৰাশি সাংস্কৃতিক পৰিক্রমা বিভাগক আবণ্টন দিছে৷ এতিয়া জুবিন ক্ষেত্রৰ ভূমিৰাশি সাংস্কৃতিক পৰিক্রমা বিভাগৰ দায়িত্বত থাকিব৷