নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ UPPL-ত যোগদান কৰিব এবছুত্যাগী দ্বীপেন বড়োৱে

সুদীৰ্ঘ পঁচিশ বছৰীয়া ছাত্ৰ ৰাজনীতিৰ পৰা আজি আনুষ্ঠানিকভাবে বিদায় ললে এবছুৰ সভাপতি দ্বীপেন বড়োই। নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে তিনিটা কাৰ্যকাল সুকলমে পাৰ কৰা দ্বীপেন বড়োই এবছুৰ পৰা অৱসৰ বিচাৰি পূৰ্বতেও আবদেন কৰিছিল যদিও সংগঠনে তেওঁক বিদায় দিব বিচৰা নাছিল।

কিন্তু ছাত্ৰ নেতাগৰাকীয়ে প্ৰত্যক্ষ ৰাজনীতিত প্ৰৱেশ কৰি ৰাজনৈতিক মজিয়াৰ পৰাই জাতি আৰু সমাজৰ সেৱা আগবঢ়োৱাৰ ইচ্ছা প্ৰকাশ কৰাত এবছুৱে আজি আনুষ্ঠানিকভাবে তেওঁক ছাত্ৰ সংগঠনটোৰ পৰা বিদায় জনায়। এই উপলক্ষে আজি ওদালগুৰি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এবছু সভাপতি দ্বীপেন বডোৰ বিদায় সভাত এক আবেগিক মুহুৰ্তৰ সৃষ্টি হয়। এবছুৰ বিদায় সভাপতি দ্বীপেন বড়োৱে পুৱা সংগঠনৰ পতকা উত্তোলন কৰা মুহুৰ্তৰ পৰাই সংগঠনটোৰ কাৰ্যকৰ্তসকল যথেষ্ঠ আবেগিক হৈ পৰা পৰিলক্ষিত হৈছিল।

এবছুৰ পতাকা উত্তোলনৰ পিছত আয়োজিত সভাত এবছুৰ বিদায়ী সভাপতি গৰাকীয়ে সুদীৰ্ঘ ২৫ বছৰীয়া ছাত্ৰ ৰাজনীতিৰ বিভিন্ন অভিজ্ঞতাসমূৰ স্মৰণ কৰি নষ্টালজিক হৈ পৰে। তেওঁ ছাত্ৰ সংগঠনটোৰ সকলো প্ৰাক্তন আৰু বৰ্তমানৰ নেতৃবৃন্দৰ লগতে অসমৰ বড়ো ৰাইজে তেওঁৰ ওপৰত প্ৰদৰ্শন কৰা আস্থা আৰু বিশ্বাসৰ বাবেই তেওঁৰ নেতৃত্বত নিখিল বড়ো ছাত্ৰ সন্থাই জাতিৰ বাবে কিছু ঐতিহাসিক কাম কৰিবলৈ সক্ষম হৈছিল বুলি উল্লেখ কৰি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰে।

বিদায়ী সভাৰ পিছতেই ওদালগুৰিৰ ৰাজপথত বিদায়ী সভাপতি দ্বীপেন বড়োক লগত লৈ এবছুৰ কৰ্মকৰ্তাসকলে এক বিশাল সমদল উলিয়ায়। ওদালগুৰি মহাবিদ্যালয় চৌহদৰ পৰা উলিওৱা এই সমদলত হাজাৰ হাজাৰ এবছুৰ কৰ্মকৰ্ত তথা স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি শান্তিৰ প্ৰতীক দ্বীপেন বড়ো জিন্দাবাদ ধ্বনিৰে ওদালগুৰিৰ আকাশ বতাহ কঁপাই তোলে।

উল্লেখ্য যে ওদালগুৰি জিলাৰ ৰৌতা বড়ো বজাৰ গাঁৱৰ এক সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা দ্বীপেন বড়োই এবছুৰ বড়োবজাৰ আঞ্চলিক সমিতিৰ পৰাই ছাত্ৰ ৰাজনীতিত খোজ দি স্নাতকোত্তৰ অধ্যয়নৰ সময়তেই এবছুৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি হিচাপে কাৰ্যনৰ্বাহ কৰিছিল। তাৰ পিছত তেওঁ এবছু কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক পদত অধিষ্ঠিত হৈছিল যদিও এবছু কৰ্মীসকলৰ বিপুল দাবীত ওদালগুৰি জিলা সমিতিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি পিছত এবছুৰ উপসভাপতি আৰু সভাপতি পদত অধিষ্ঠিত হৈছিল। ২০০৮ চনত দৰং ওদালগুৰিত সংঘটিত হোৱা ভয়াবহ গোষ্ঠী সংঘৰ্ষৰ সময়ত ওদালগুৰি জিলা সমিতি এবছুৰ সভাপতিৰ দায়িত্বত থকা দ্বিপেন বড়োই অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ বাবে কৰা উল্লেখযোগ্য কামৰ বাবে ওদালগুৰি জিলা প্ৰশাসনে তেওঁ বিশেষ সম্বৰ্ধনাও জ্ঞাপন কৰিছিল। এবছুৰ এগৰাকী সাধাৰণ কৰ্মীৰ পৰা কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে তিনিটা কাৰ্যকাল সফলতাৰে সম্পূৰ্ণ কৰা দ্বিপেন বড়ো এবছুৰ পৰা বিদায় লোৱাৰ পিছতেই প্ৰত্যক্ষ ৰাজনীতিত অংশগ্ৰহণ কৰিব।

কাইলৈ ওদালগুৰিৰ ৰাজহুৱা দুৰ্গাপূজা মণ্ডপত দ্বিপেন বড়োই আনুষ্ঠানিকভাবে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলত যোগদান কৰিব বুলি জানিব পৰা গৈছে। তেওঁ ইউপিপিএলত যোগদান কৰি আগন্তুক বিধানসভা নিৰ্বাচনত ৪৬নং ওদালগুৰি বিধান সভা সমষ্ঠিৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।

নিয়মীয়া বাৰ্তা, ওদালগুৰি, ১৩ মাৰ্চ

You might also like