নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভি-নীল হত্যাকাণ্ডৰ শুনানি সম্পন্ন, ৬ এপ্ৰিলত ৰায়দানৰ সম্ভাৱনা!

দীঘলীয়া সময় ধৰি চলি থকা চাঞ্চল্যকৰ অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ শুনানি সম্পন্ন হৈছে। এই জঘন্য হত্যাকাণ্ডৰ গোচৰত অহা ৬ এপ্ৰিল, ২০২৬ তাৰিখে ৰায়দান দিয়াৰ সম্ভাৱনা আছে।

উল্লেখ্য যে এই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া বিগত ৮ বছৰ ধৰি নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত চলি আছিল। দীৰ্ঘ শুনানিৰ পিছত এতিয়া আদালতে ৰায় ঘোষণাৰ দিন নিৰ্ধাৰণ কৰিবলৈ আগবাঢ়িছে।

দেশজুৰি আলোড়ন তোলা এই হত্যাকাণ্ডটো ২০১৮ চনৰ ৮ জুন তাৰিখে সংঘটিত হৈছিল। ঘটনাটোৱে তেতিয়াৰ সময়ত সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল আৰু দ্ৰুত বিচাৰৰ দাবী উত্থাপন হৈছিল।

এতিয়া সকলোৰে দৃষ্টি আদালতৰ ৰায়দানৰ ওপৰত নিবদ্ধ হৈ আছে।

ডিজিটেল ডেস্ক, ১৩ মাৰ্চ

You might also like