নৰ্থ বেংক কলেজৰ স্থায়ী অধ্যক্ষ হিচাপে ড০ গীতাঞ্জলি বৰুৱাৰ দায়িত্ব গ্রহণ
উত্তৰ অসমৰ অন্যতম পুৰণি উচ্চ শিক্ষানুষ্ঠান ঘিলামৰাৰ নর্থ বেংক মহাবিদ্যালয়ত ড° গীতাঞ্জলি বৰুৱাই স্থায়ী অধ্যক্ষ হিচাপে কর্তব্যত যোগদান কৰে। বিগত ২৭ বছৰে নৰ্থ বেংক মহাবিদ্যালয়ত সেৱা আগবঢ়োৱা ড° বৰুৱা ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে কৰ্মৰত আছিল।
১৯৯৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ড° গীতাঞ্জলি বৰুৱাই ১৯৯৮ চনৰ নবেম্বৰ মাহত মহাবিদ্যালয়খনত ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা হিচাপে যোগদান কৰে। ২০১৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ পি এইছ ডি ডিগ্রী লাভ কৰিছিল।
যোৱা ৯ মাৰ্চত স্থায়ী অধ্যক্ষৰুপে যোগদান কৰা অধ্যক্ষগৰাকীয়ে বৃহস্পতিবাৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ইন্দিবৰ বুঢ়াগোঁহাইৰ উপস্থিতিত ভাৰপ্ৰাপ্ত অধ্যক্ষ পুলক গগৈৰ পৰা আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে।এই উপলক্ষে মহাবিদ্যালয়ৰ শিক্ষক গোটৰ উদ্যোগত এখন অভিনন্দন মূলক সভা অনুষ্ঠিত হয়।
এই সভাতে নৱনিযুক্ত অধ্যক্ষগৰাকীক মহাবিদ্যালয়ৰ শিক্ষক -শিক্ষয়ত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, আৰু নৰ্থ বেংক মহাবিদ্যালয় আছু গোটৰ পৰা উষ্ণ সম্বৰ্ধনা জনোৱা হয়।শিক্ষক গোটৰ সম্পাদক ড০ নিতুল শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত নব নিযুক্ত মুৰব্বী গৰাকীক শুভেচ্ছা জনাই বক্তব্য প্ৰদান কৰে পৰিচালনা সমিতিৰ সভাপতি ইন্দিবৰ বুঢ়াগোঁহাই, প্ৰাক্তন অধ্যক্ষ পুলক গগৈ, শৈক্ষিক সমন্বয়ক কল্পনা কলিতা, শিক্ষক গোটৰ সভাপতি আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ভবেশ মৰাং আৰু ভবেশ চহৰীয়াই।
শুভেচ্ছা গ্ৰহণ কৰি নৱনিযুক্ত অধ্যক্ষগৰাকীয়ে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সকলৰ ত্যাগ আৰু বদান্যতাক সোঁৱৰণ কৰি মহাবিদ্যালয়ৰ উত্তৰণৰ বাবে সকলোৰে সহায় সহযোগ আৰু দিহা পৰামৰ্শ কামনা কৰে। মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী আৰু ঘিলামৰাৰ সচেতন ৰাইজ, দল- সংগঠনে. স্থায়ী অধ্যক্ষৰ নিকুক্তিক লৈ সন্তোষ প্রকাশ কৰাৰ লগতে ড ° বৰুৱাৰ নেতৃত্বত নৰ্থ বেংক মহাবিদ্যালয়ে শৈক্ষিক দিশত অধিক আগুৱাই যাব বুলি সকলোরে আশা প্রকাশ কৰিছে।
নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ১৩ মাৰ্চ