ডিজিটেল ডেস্ক, ১৫ মাৰ্চ : আজি বিয়লি চাৰি বজাত ঘোষণা হ’ব অসমৰ বিধানসভা নিৰ্বাচনৰ দিন। অসমৰ লগতে আন তিনিখন ৰাজ্য পশ্চিমবংগ, কেৰালাম, তামিলনাডু আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পূৰ্ণ সম্ভৱনা আছে ৷ নতুন দিল্লীৰ আয়োগৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি নিৰ্বাচনৰ দিন ঘোষণা কৰিব। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে আন দুজন নিৰ্বাচন আয়ুক্তৰ সৈতে মিলি নিৰ্বাচনৰ সূচী ঘোষণা কৰাৰ সম্ভাৱনা আছে। আজি বিয়লি ৪ বজাত ভাৰতীয় নিৰ্বাচন আয়োগে সম্বোধন কৰিব সংবাদমেল।
অহা মে’ আৰু জুন মাহত বৰ্তমানৰ বিধানসভাৰ কাৰ্যকালৰ অন্ত পৰিব এই ৰাজ্যকেইখনত ৷ সেই পৰিপ্ৰেক্ষিতত নতুন চৰকাৰ গঠনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিব নিৰ্বাচন আয়োগে ৷
উল্লেখযোগ্য যে এই গুৰুত্বপূৰ্ণ নিৰ্বাচনৰ পূৰ্বে অসমত ইতিমধ্যে তীব্ৰ ৰাজনৈতিক তৎপৰতা আৰম্ভ হৈছে। শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে তৃতীয়বাৰৰ বাবে বিজয় লাভৰ লক্ষ্য লৈছে। আনহাতে, কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী শিবিৰে পৰিস্থিতি সলনি কৰাৰ আশা প্ৰকাশ কৰিছে যদিও ৰাজনৈতিক বিশ্লেষকৰ মতে এয়া সহজ নহ’ব। ইতিমধ্যে কংগ্ৰেছ দলে ৬৫খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। শনিবাৰে নিশা দ্বিতীয়খন তালিকা প্ৰকাশ কৰে কংগ্ৰেছ দলে । ইয়াৰ লগতে মিত্ৰদলক ১৫টা আসন এৰি দিছে কংগ্ৰেছে।