ডিজিটেল ডেস্ক, ১৫ মাৰ্চ : সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে ১৪টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে আম আদমী পাৰ্টীয়ে।
উল্লেখ্য যে দেওবাৰে অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে । ইতিমধ্যে কংগ্ৰেছ, ৰাইজৰ দলে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। এইবাৰ আম আদমী পাৰ্টীয়েও ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা । দেওবাৰে দলটোৱে অসম বিধানসভা নিৰ্বাচনৰ বাবে ১৪ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰে ।
আম আদমী পাৰ্টীয়ে ঘোষণা কৰা প্ৰথমখন প্ৰাৰ্থী তালিকা অনুসৰি নাওবৈচাত অচ্যুত দাস, দেৰগাঁৱত পুলিন গগৈ, গহপুৰত জাৰবোম কুটুম, চেণ্ট্ৰল গুৱাহাটীত অনুৰূপা ডেকাৰজা, খুমটাইত আশিস হাজৰিকা, শিৱসাগৰত তপন গগৈ, ৰঙানদীত টিকেন্দ্ৰ থাপা, চেঙাত জাহিদুল ইছলাম খান, নদুৱাৰত ৰঞ্জিত বড়ো, তিতাবৰত পল্লৱ শইকীয়া, পূব গোৱালপাৰাত জিন্না আমিৰ হুছেইন, ৰহাত বৰুণ বিকাশ দাস, বোকাজানত ৰেণুকা টিমুংপী আৰু বিশ্বনাথত অনন্ত গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।