ডিজিটেল ডেস্ক, ১৫ মাৰ্চ : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে (১৫ মাৰ্চ) গুৱাহাটীত নতুনকৈ নিৰ্মিত প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ শুভ উদ্বোধন কৰে। শনিবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হোৱা গৃহমন্ত্ৰী শ্বাহে একে অনুষ্ঠানতে ভার্চুৱেলীভাৱে গোলাঘাট আৰু তিনিচুকীয়া কেঞ্চাৰ চিকিৎসা কেন্দ্ৰসমূহো উদ্বোধন কৰে। লগতে ডিফু, যোৰহাট আৰু বৰপেটা মেডিকেল কলেজ আৰু হাস্পতালত ছুপাৰ স্পেচিয়েলিটী হাস্পতাল স্থাপনৰ বাবে আধাৰশিলা স্থাপন কৰে।
এক বৃহৎ সমাৱেশক সম্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ স্বাস্থ্যখণ্ডৰ অভূতপূৰ্ব পৰিৱৰ্তনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক উচ্চ প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে ৰাজ্য চৰকাৰে অসমক স্বাস্থ্যখণ্ডত আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে ।
তেওঁ কয় যে অসম এতিয়া কেঞ্চাৰ চিকিৎসাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে আৰু অসমত প্ৰ’টন থেৰাপী আৰম্ভ কৰাৰ পৰিকল্পনাৰ বাবে কেঞ্চাৰ চিকিৎসাৰ বাবে অসমৰ কোনো লোক ৰাজ্যৰ বাহিৰলৈ যাব নালাগিব।
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে কয়- ‘স্বাস্থ্যখণ্ডত অসমক এখন সম্পূৰ্ণ ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই কৰা প্ৰচেষ্টাক প্ৰশংসা কৰিছোঁ । তেওঁ নিজৰ কাৰ্যকাল শেষ হোৱাৰ পূৰ্বেই ৰাজ্যখনক স্বাস্থ্যখণ্ডত স্বাৱলম্বী কৰি তুলিছে।’
নতুনকৈ উদ্বোধন কৰা প্ৰতিষ্ঠানসমূহৰ গুৰুত্বৰ কথা উল্লেখ কৰি অমিত শ্বাহে কয় যে পূৰ্বতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বহু ৰোগীয়ে বিশেষকৈ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে চেন্নাই, মুম্বাই, কৰ্ণাটক আৰু দিল্লীৰ দৰে চহৰলৈ যাবলগীয়া হৈছিল । এই প্ৰতিষ্ঠানসমূহ স্থাপন হোৱাৰ লগে লগে যিসকল ৰোগীয়ে এসময়ত চিকিৎসাৰ বাবে নিজৰ পৰিয়ালৰ পৰা বহু দূৰলৈ যাবলগীয়া হৈছিল, তেওঁলোকে এতিয়া ঘৰৰ ওচৰৰ চৰকাৰী চিকিৎসালয়তে উন্নত চিকিৎসা লাভ কৰিব পাৰিব ।”
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে কংগ্ৰেছক কটাক্ষ কৰি কয়- কংগ্ৰেছে দেশৰ ভাবমূৰ্তি ম্লান কৰিছে, যেতিয়া যুৱ কংগ্ৰেছৰ কৰ্মীসকলে নতুন দিল্লীত অনুষ্ঠিত AI সন্মিলনত অৰ্ধউলংগ হৈ প্ৰতিবাদ কৰিছিল। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰি তেওঁ অভিযোগ কৰে যে নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ বিৰোধিতা কৰাৰ নামত তেওঁ ভাৰত আৰু দেশৰ স্বাৰ্থৰ বিপৰীতে অৱস্থান গ্ৰহণ কৰিছে।