প্রথম ৬ অভাৰতে দলৰ বিজয় নিশ্চিত কৰিব পাৰে সঞ্জুৱে, প্রশংসাত পঞ্চমুখ গৌতম গম্ভীৰ
ডিজিটেল ডেস্ক, ১৬ মার্চ : টি–২০ বিশ্বকাপত জয়ৰ পিছত ভাৰতীয় দলৰ অ’পেনাৰ সঞ্জু ছেমছনৰ প্রশংসাত পঞ্চমুখ হৈ পৰিছে দলটোৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰ৷ এক অনুষ্ঠানত ভাৰতীয় দলৰ মুখ্য প্রশিক্ষকগৰাকীয়ে কয়– ‘সঞ্জু ছেমছন এনে এগৰাকী খেলুৱৈ, যি প্রথম ৬ অভাৰতে দলৰ বিজয় নিশ্চিত কৰিব পাৰে৷ তেওঁৰ আক্রমণাত্মক বেটিং শৈলীয়ে ভাৰতীয় দলৰ বিজয়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷
বিশ্বকাপৰ মাজভাগত জিম্বাব’ৱেৰ বিৰুদ্ধে সঞ্জু ছেমছনক খেলাৰ বাবে সুযোগ প্রদান কৰা বুলি উল্লেখ কৰি গৌতম গম্ভীৰে কয় যে দলটোত কেইবাগৰাকী বাঁওহতীয়া অ’পেনাৰ বেটছমেন থকাৰ পিছতো সঞ্জু ছেমছনক সুযোগ দিয়াটো অতি কৌশলপূর্ণ আছিল৷ তেওঁ কয় যে সকলো স্পীনাৰৰে সুন্দৰভাৱে খেলাৰ দক্ষতা আছে৷ আমাৰ বাবে প্রথম ৬ অভাৰত আক্রমণাত্মক বেটিং কৰাটো অতি গুৰুত্বপূর্ণ আছিল৷ এইক্ষেত্রত সঞ্জু ছেমছনৰ প্রতিভা আৰু বিস্ফোৰক বেটিঙক লৈ কোনো সন্দেহ নাই৷ ক্রীজত টিকি থাকিলে সঞ্জুৱে প্রথম ৬ অভাৰতে দলক বিজয়ৰ দিশে আগুৱাই লৈ যায়৷
ভাৰতীয় দলৰ প্রাক্তন অ’পেনাৰ তথা প্রশিক্ষক গৌতম গম্ভীৰে জিম্বাব’ৱেৰ বিৰুদ্ধে ভাৰতৰ খেলুৱৈৰ পূর্বে সঞ্জু ছেমছনৰ প্রত্যাৱর্তন সন্দর্ভত হোৱা কথোপকথন সম্পর্কেও আলোকপাত কৰে৷