কামৰূপৰ নৱগঠিত ছমৰীয়া সমষ্টিৰ বৃহত্তৰ ৰংগেশ্বৰী টুপামাৰী অঞ্চলত ধুমুহা-শিলাবৃষ্টিৰ তাণ্ডৱত বিস্তৰ ক্ষতি হয়। নিশাৰ ভয়ংকৰ ধুমুহা, শিলাবৃষ্টিৰ ফলত ৰংগেশ্বৰী, টুপামাৰী, ভখুৰাদিয়া, বদলা ৰঙাপানী আদি প্ৰায় দহখনকৈ গাঁৱত বিস্তৰ ক্ষতি হয়। বৰদৈচিলাৰ ফলত উভালি পৰে বিদ্যুতৰ খুঁটা। বাগৰি পৰে প্ৰকাণ্ড প্ৰকাণ্ড একোডাল গছ। শিলাবৃষ্টিৰ ফলত অঞ্চলটোৰ খেতি-বাতি বিনষ্ট হোৱাৰ লগতে ধুমুহাই ঘৰ-দুৱাৰৰো যথেষ্ট ক্ষতিসাধন কৰে।
আনহাতে, অঞ্চলটোৰ ব্যৱসায়-বাণিজ্যৰ প্ৰাণকেন্দ্ৰস্বৰূপ টুপামাৰী বজাৰৰ একাধিক দোকানৰ ওপৰত গছ পৰিও ক্ষতিসাধন হয়। এক কথাত ক’বলৈ গ’লে বছৰৰ প্ৰথমজাক বৰদৈচিলাই তচনচ কৰি থৈ গ’ল সমগ্ৰ অঞ্চলটো। ফলত বিচ্ছিন্ন হৈ পৰে অঞ্চলটোৰ বিদ্যুৎ সংযোগ। ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে।
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৬ মাৰ্চ :