নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভা নিৰ্বাচন : ইউপিপিএলে ঘোষণা কৰিলে সাতজনীয়া প্ৰাৰ্থী তালিকা

ডিজিটেল ডেস্ক, ১৭ মাৰ্চ : সমাগত বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যত ৰাজনৈতিক দলসমূহে তৎপৰতা অব্যাহত ৰখাৰ সমান্তৰালকৈ নিজৰ নিজৰ প্ৰাৰ্থী তালিকাও ঘোষণা কৰিছে। প্ৰধান বিৰোধী দল কংগ্ৰেছে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ লগতে ৰাইজৰ দলেও তেওঁলোকৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। সোমবাৰে নিশা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ বাবে ইউপিপিএল দলেও সাতটা সমষ্টিৰ বাবে নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে।

দলটোৱে প্ৰকাশ কৰা তালিকা অনুসৰি দলৰ সভাপতি প্ৰমোদ বড়োৱে নিজেই ৪৩নং তামুলপুৰ (এছ টি) সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। তদুপৰি অনিন্দ বসুমতাৰীয়ে ১নং গোসাঁইগাঁও সমষ্টিৰ পৰা, ৰাজু কুমাৰ নাৰ্জাৰীয়ে ২নং দোতমা (এছটি) সমষ্টি, লৰেঞ্চ ইছলাৰীয়ে ৩নং কোকৰাঝাৰ (এছ টি) সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব। ইয়াৰ উপৰি দলটোৱে ৪৫নং ভেৰগাঁৱৰ পৰা নেৰছন বড়ো, ৪৬নং ওদালগুৰি (এছ টি) সমষ্টিৰ পৰা দীপেন বড়ো আৰু ২০নং বিজনী সমষ্টিৰ পৰা কমলছিং নাৰ্জাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

উল্লেখ্য যে ভাৰতীয় নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণ বিধি বলৱৎ কৰাৰ পিছত ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে আৰু ইয়াৰ মাজতে ইউপিপিএলে প্ৰাৰ্থী তালিকা ঘোষণা কৰে ।

You might also like