নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ ক’ৰ কমিটীৰ বৈঠকত বন্দী অসমৰ বিজেপি প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ ভাগ্য

নতুন দিল্লীত চলি আছে বিজেপিৰ ক’ৰ কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠক দলটোৰ জ্যেষ্ঠ নেতা জেপি নড্ডাৰ আৱাসগৃহত অনুষ্ঠিত হৈছে। আৰু এই বৈঠকতে ভাগ্য নিৰ্ণয় হব অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বপ্ৰত্য়াশীৰ। হয়তো কাইলৈ বিজেপিয়ে এটা দুটা সমষ্টিক বাদ প্ৰাৰ্থী তালিকা ঘোষণা কৰিব।

চলি থকা বৈঠকখনত উপস্থিত আছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া।

উল্লেখযোগ্য যে কালিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়াই বিমানযোগে অসমৰ পৰা দিল্লীলৈ ৰাওনা হৈছিল।

ডিজিটেল ডেস্ক, ১৭ মাৰ্চ

You might also like