নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত কংগ্ৰেছৰ অৱস্থা বিহাৰতকৈও বেয়া হ’ব

দৰং জিলাত পুনৰ কংগ্ৰেছৰ অৱস্থাক লৈ তীব্ৰ মন্তব্য আগবঢ়াছে AIUDF নেতা তথা দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে।

মজিবুৰ ৰহমানে অভিযোগ কৰে যে কংগ্ৰেছত বংশবাদৰ ৰাজনীতি চলি আছে। তেওঁ কয় যে বহু দিন ধৰি দলৰ বাবে কাম কৰা কৰ্মীসকলে টিকট নাপায়, কিন্তু মন্ত্ৰী আৰু বিধায়কৰ পুত্ৰসকলে সহজেই টিকট লাভ কৰিছে।

তেওঁ “Cash for Ticket” অভিযোগ উত্থাপন কৰি কয়— দলগাঁৱত কংগ্ৰেছীয়ে টকা দি টিকট কিনিব পাৰে, কিন্তু ৰাইজৰ ভোট কিনিব নোৱাৰিব।

ইয়াৰ উপৰি তেওঁ অভিযোগ কৰে যে সংখ্যালঘু সম্প্ৰদায়ৰ পক্ষে মাত মতা কংগ্ৰেছ নেতাসকলক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে। “এতিয়া কংগ্ৰেছেই কংগ্ৰেছৰ বিৰুদ্ধে যুঁজিছে,” বুলি মন্তব্য কৰে তেওঁ।

আগন্তুক নিৰ্বাচনৰ প্ৰসংগত তেওঁ কয় যে এইবাৰ কংগ্ৰেছৰ অৱস্থা বিহাৰতকৈও বেয়া হ’ব পাৰে আৰু দলটোৱে ৫খন আসনো জিকিব নে নাই সন্দেহ আছে।

আনহাতে, AIUDFৰ প্ৰদৰ্শন সন্দৰ্ভত তেওঁ আত্মবিশ্বাসী হৈ কয় যে তেওঁলোকৰ দলেই ২০ৰ অধিক আসন লাভ কৰিব আৰু বিৰোধী শক্তি হিচাপে শক্তিশালী ভূমিকা পালন কৰিব।

ডিজিটেল ডেস্ক, ১৮ মাৰ্চ

You might also like