নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : শ্রোতাৰ অভাৱ

আজিৰ সময়ত মুক্ত মত প্রকাশকেই স্বাধীনতাৰ অন্যতম মুখ্য চিহ্ণ বুলি বিবেচনা কৰা হয়৷ এই ধাৰণাৰ সমান্তৰালভাৱে কিন্তু নিঃশব্দে হেৰাই গৈছে এটা অতি মৌলিক মানৱীয় ক্ষমতা– শুনাৰ ক্ষমতা৷ অতি সূক্ষ্মভাৱে এই ক্ষতিয়ে আমাৰ সমাজত প্রৱেশ কৰিছে আৰু প্রভাৱ বিস্তাৰ কৰিছে৷

দৈনন্দিন জীৱনৰ সৰু সৰু মুহূর্ত একোটাত, একো একোটা অসম্পূর্ণ বাক্যত, একোটা উত্তৰহীন প্রশ্নত, একোখন ৰৈ যোৱা কথা–বতৰাত৷ এতিয়া চাৰিওফালে শব্দ, বক্তব্য, মতামতৰ অন্তহীন সোঁত৷ টেলিভিছনৰ বিতর্ক অনুষ্ঠানসমূহত এতিয়া আলোচনা নহয়, প্রতিযোগিতা হয়– কোনে কাক অতিক্রম কৰি বেছি জোৰেৰে কথা ক’ব পাৰে, নিজৰ বক্তব্যক থিয় কৰাব পাৰে৷

সামাজিক মাধ্যমত প্রতিজন ব্যক্তি যেন একোখন মঞ্চত উঠি নিজৰ কণ্ঠ সবলভাৱে প্রকাশ কৰিবলৈ উদগ্রীৱ৷ কিন্তু এই অবিৰাম কণ্ঠৰ মাজত এটা গুৰুত্বপূর্ণ প্রশ্ন হেৰাই গৈছে– আচলতে কথাবোৰ কোনে শুনিছে? আগতে কথা–বতৰা মানে আছিল এক আন্তৰিক বিনিময়৷ এজনে কৈছিল, আনজনে মনোযোগেৰে শুনিছিল৷

শুনাৰ সেই প্রক্রিয়াত শুনাত আছিল এক আন্তৰিক গভীৰতা৷ কোৱা মানুহজনে কেৱল শব্দ কোৱা নাছিল, তেওঁ নিজৰ অনুভৱ, নিজৰ অভিজ্ঞতা, কেতিয়াবা নিজৰ বেদনাও শ্রোতাজনৰ স’তে ভাগ কৰিছিল৷ একে সময়তে শুনা মানুহজনে সেই মুহূর্তত এক অদৃশ্য সেতু নির্মাণ কৰিছিল দুটা মনৰ মাজত৷ এতিয়া সেই বিনিময় লাহে লাহে ৰূপান্তৰ হৈছে আত্মপ্রকাশৰ প্রতিযোগিতালৈ৷

মানুহে এতিয়া বুজিবলৈ নুশুনি উত্তৰ দিবলৈকেহে শুনে৷ এই সূক্ষ্ম, কিন্তু গভীৰ পৰিৱর্তনে সামাজিক সম্পর্ক আৰু জন আলোচনাৰ ভেটিত প্রভাৱ পেলাইছে৷ আনৰ কথা শুনাটো এটা সহজ কাম যেন লাগিলেও ইয়াত লুকাই আছে ধৈর্য, মনোযোগ আৰু নিজকে অলপ পিছলৈ আঁতৰাই থোৱাৰ এক সচেতন মানসিকতা৷

প্রকৃত অর্থত শুনা মানে কেৱল কাণেৰে শব্দ গ্রহণ কৰা নহয়৷ ই মানে নিজৰ মনৰ কোলাহলক বিৰতি দি আনজনৰ সত্যৰ প্রতি মুকলি হৈ থকা৷ কিন্তু বর্তমান সময়ত এইবোৰ কথা অপ্রয়োজনীয় গুণ হিচাপে বিবেচিত হৈছে৷ ডিজিটেল প্লেটফর্মসমূহে ব্যক্তিক দ্রুত প্রতিক্রিয়া দিবলৈ শিকাইছে, চিন্তা কৰিবলৈ নহয়, সঁহাৰি দিবলৈ উৎসাহিত কৰিছে৷

ফলস্বৰূপে গভীৰ মনোযোগৰ ঠাই লৈছে খন্তেকীয়া মনোযোগে৷ সামাজিক মাধ্যমত এটা পোষ্টত দহ ছেকেণ্ড চকু ফুৰাই মন্তব্য কৰাটো সহজ হৈছে৷ কিন্তু পাঁচ মিনিট ধৰি কাৰোবাৰ কথা মনোযোগেৰে শুনাৰ ধৈর্য ক্রমশঃ হ্রাস পাই আহিছে৷ ইয়াৰ ফলত সমাজত এক ধৰণৰ মেৰুকৰণ দেখা গৈছে৷

মতভেদ আগতেও আছিল, কিন্তু সেই মতভেদৰ মাজতো বুজাবুজিৰ স্থান আছিল৷ মানুহে ভিন্ন মত পোষণ কৰিছিল, কিন্তু তাৰ পাছতো একেলগে বহি চাহ খাইছিল৷ এতিয়া সেই স্থান সংকুচিত হৈছে৷ মানুহে এতিয়া আলোচনা নকৰে, তেওঁলোকে নিজৰ মত প্রতিষ্ঠা কৰে৷ বিতর্কৰ লক্ষ্য এতিয়া বুজা নহয়, জয়লাভ কৰা৷ প্রতিটো আলোচনা পৰিণত হৈছে এখন যুদ্ধক্ষেত্রত, য’ত প্রতিপক্ষক পৰাস্ত কৰাটোৱেহ চূড়ান্ত লক্ষ্য৷

এই সমস্যাটো কেৱল ৰাজনৈতিক বা সামাজিক স্তৰত সীমাবদ্ধ নহয়, ই আহি দৈনন্দিন জীৱনতো প্রৱেশ কৰিছে৷ ঘৰত, বন্ধু–বান্ধৱীৰ মাজত, শ্রেণীকোঠাত– মানুহে প্রায়েই একে সময়তে ক’ব বিচাৰে৷ আনৰ কথা সম্পূর্ণকৈ শুনাৰ আগতেই নিজৰ বক্তব্য আগবঢ়াব বিচাৰে৷

ম’বাইল ফোনৰ এটা নটিফিকেচনেই একোখন গুৰুত্বপূর্ণ আলোচনাত ব্যাঘাত জন্মাব পাৰে৷ শাৰীৰিকভাৱে উপস্থিত থাকিও মানসিকভাৱে অনুপস্থিত থকাৰ এই প্রৱণতাই সম্পর্কসমূহক এক অদৃশ্য ক্ষতিৰ মুখলৈ ঠেলি দিছে৷ শিক্ষাৰ ক্ষেত্রতো এই প্রভাৱ স্পষ্ট৷

শ্রেণীকোঠাত এসময়ত শিক্ষকৰ কথা মন দি শুনাটো শিক্ষাৰ এক অবিচ্ছেদ্য অংশ আছিল৷ আজি ছাত্র–ছাত্রীসকলৰ মনোযোগ বিভক্ত–এফালে শিক্ষক, আনফালে স্মার্টফোন৷ জ্ঞান গ্রহণৰ পূর্ব চর্ত হৈছে শুনা আৰু এই শুনাৰ ক্ষমতা হ্রাস পালে শিক্ষা গ্রহণৰ গভীৰতাও কমি যায়৷

আচলতে শুনা মানে কেৱল শব্দ গ্রহণ কৰা নহয়, ই মানে নিজকে সলনি কৰাৰ সম্ভাৱনাক স্বীকাৰ কৰা৷ আনৰ কথা শুনিলে নিজৰ চিন্তাও প্রসাৰিত হয়, নতুন দৃষ্টিভংগীয়ে মনক চহকী কৰে৷ কিন্তু যদি কেৱল নিজৰ কথাই শুনা হয়, তেন্তে চিন্তা এটা সংকীর্ণ বৃত্তৰ মাজত ঘূৰি ফুৰে৷

গণতন্ত্র কেৱল মত প্রকাশৰ অধিকাৰ নহয়, ই আনৰ মত মন দি শুনাৰ সক্ষমতাৰ ওপৰত নির্ভৰ কৰে৷ গণতান্ত্রিক সমাজৰ ভেটি হৈছে সংলাপ আৰু সংলাপ তেতিয়াহে সম্ভৱ কেৱল যেতিয়া দুয়োফালে শুনাৰ ইচ্ছা থাকে৷ ইতিহাসে দেখুৱাহছে যে বহু সংঘাতৰ মূলত আছিল শুনাৰ অভাৱ– এফালে কথা কোৱা হৈছিল, কিন্তু আনফালে শুনা হোৱা নাছিল৷

সেয়েহে শুনাৰ অভ্যাস পুনৰ ডদ্ধাৰ কৰা এতিয়া কেৱল ব্যক্তিগত শিষ্টাচাৰৰ বিষয় নহয়, ই এখন সামাজিক প্রয়োজন৷ তৎক্ষণাত প্রতিক্রিয়া নিদি চিন্তা কৰাৰ অভ্যাস, আনৰ কণ্ঠক বাধা নহয়, বৰঞ্চ এক সুযোগ হিচাপে গ্রহণ কৰাৰ মানসিকতা– এই পৰিৱর্তনসমূহ সৰু যদিও ইয়াৰ প্রভাৱ গভীৰ৷

এই অসংখ্য শব্দৰে ভৰা এই সময়ত শুনাটোৱেই হৈছে এটা সাহসী কাম৷ কাৰণ শুনা মানে কেৱল নীৰৱে থকা নহয়, ইয়াৰ অর্থ হ’ল আনজনক সম্পূর্ণৰূপে স্বীকাৰ কৰা আৰু এই স্বীকৃতিয়েই হৈছে প্রতিখন সুস্থ সমাজৰ আধাৰশিলা৷

You might also like