নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় ৰাজস্থান ৰয়েলছ এৰিলে? মুখ খুলিছে সঞ্জুই

ভাৰতৰ তাৰকা উইকেটকীপাৰ–বেটাৰ্ সঞ্জু ছেমছন এইবাৰৰ আইপিএলত নতুন জার্চি পিন্ধিবলৈ সাজু হৈছে৷ এইবাৰ চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিব সঞ্জুৱে৷ ৰাজস্থান ৰয়েলছ কিয় এৰিলে সেই কথা প্রকাশ কৰিলে ছেমছনে নিজেই৷

সঞ্জুৱে প্রকাশ কৰিছে যে একেটা দলৰ হৈ বহুদিন খেলাৰ পিছত তেওঁ অনুভৱ কৰিছিল যে দলটোত সময় শেষ হৈ গৈছে৷ গতিকে তেওঁ এটা নতুন প্রত্যাহ্বান গ্রহণ কৰিব বিচাৰিছিল৷ তেওঁৰ মতে, সময়ৰ লগে লগে এজন ক্রিকেটাৰ সলনি হোৱাটো স্বাভাৱিক আৰু সেই অনুসৰি আগবাঢ়ি যোৱাটো সঠিক সিদ্ধান্ত৷

ৰাজস্থান ৰয়েলছলৈ ছেমছনৰ অৱদান আছিল অসাধাৰণ৷ ৰাজস্থান ৰয়েলছৰ হৈ মুঠ ১১টা আইপিএল ছিজনত খেলিছিল৷ ২০১৩ চনৰ পৰা ২০১৫ চনলৈ প্রথম পর্যায়ত ৰাজস্থানৰ হৈ খেলিছিল৷ তাৰ পিছত ২০১৬ আৰু ২০১৭ চনত দিল্লীৰ হৈ খেলাৰ পিছত পুনৰ ৰাজস্থানলৈ উভতি আহিছিল৷

আগন্তুক আইপিএলত ছেমছনৰ সন্মুখত আছে এক বিশেষ মুহূর্ত৷ প্রথমবাৰৰ বাবে তেওঁৰ পুৰণি দল ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলিব৷ গুৱাহাটীত অনুষ্ঠিত হ’ব এই খেলখন৷ অৱশ্যে খেলপথাৰত ভৰি দিলেই আৱেগক বাধা আহিবলৈ নিদিয়ে আৰু নিজৰ শ্রেষ্ঠ প্রদর্শন আগবঢ়োৱাত মনোনিৱেশ কৰিব বুলিও তেওঁ কয়৷

ছেমছনৰ মতে ৰাজস্থানৰ সৈতে তেওঁৰ বহু স্মৃতি আৰু সম্পর্ক আছে, যিবোৰ তেওঁ সদায় মনত ৰাখিব৷ কিন্তু এতিয়া তেওঁৰ নতুন যাত্রাক লৈ তেওঁ অতিশয় উৎসাহিত৷ চেন্নাই ছুপাৰ কিংছৰ হৈ নিজকে নতুনকৈ প্রমাণ কৰিব বিচাৰিছে আৰু দলটোলৈ সফলতা অনাৰ লক্ষ্যৰে খেলপথাৰত নামিব৷

ডিজিটেল ডেস্ক, ১৭ মার্চ

You might also like