বিহালীৰ বিজেপিৰ প্ৰাৰ্থী মুনীন্দ্ৰ দাসৰ মনোনয়ন দাখিল
৭১ নম্বৰ বিহালী বিধানসভা সমষ্টি (অনুসূচিত জাতি) বিহালীৰ বিজেপিৰ প্ৰাৰ্থী মুনীন্দ্ৰ দাসে আজি বিশ্বনাথ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিছে।
পুৱা ঘৰৰ পৰা সমৰ্থকক লৈ লগত লৈ শোণিতপুৰ লোক সভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তৰ আশীৰ্বাদ গ্ৰহণ কৰি বিশ্বনাথ চাৰিআলি লৈ যায়।
পুৱা বৰষুনৰ বতৰকো নেওচি দলীয় সমৰ্থক ওলাই আহে। প্ৰায় তিনি হাজাৰ সমৰ্থকক লগত লৈ বিশ্বনাথ চাৰিআলিৰ দলীয় সভাত অংশগ্ৰহণ কৰি জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়লৈ যায়।
তেওঁৰ লগত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল আৰু বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল উপস্থিত আছিল।
নিয়মীয়া বাৰ্তা, বেদেতী, ২০ মাৰ্চ