তিতাবৰৰ নগাবাটত ২৬ মাৰ্চৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বৰহোলা আঞ্চলিক মইনা পাৰিজাতৰ দ্বি-বিংশতিতম শিশু সমাৰোহ। আজি উদুলি-মুদুলি পৰিৱেশত নগাবাটৰ শংকৰ-মাধৱ সমন্বয় ক্ষেত্ৰত লাইখুঁটা স্থাপন কৰা হয়।
বৰহোলাত আঞ্চলিক মইনা পাৰিজাতৰ সাধাৰণ সম্পাদক দীপক ৰাজখোৱা, কাৰ্যকৰী সভাপতি উমেশ্বৰ সোণোৱালৰ লগতে উদযাপন সমিতিৰ সভাপতি বিনন্দ গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক মহেন্দ্ৰ ৰাউত আদি উপস্থিত থাকি লাইখুঁটা স্থাপন কৰে। অনুষ্ঠানত উদযাপন সমিতি আৰু শাখা মইনা পাৰিজাতৰ ভালেকেইজন বিষয়ববীয়া, কৰ্মী উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।
উল্লেখ্য যে শিশু সমাৰোহৰ চাৰিওটা দিনৰ কাৰ্যসূচীৰ লগতে ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব। সমাৰোহত বিভিন্ন কাৰ্যসূচীৰ লগতে শৈক্ষিক-সাংস্কৃতিক প্ৰতিযোগিতা, সাংস্কৃতিক শোভাযাত্ৰা, স্মৃতিগ্ৰন্থ উন্মোচন, সদৌ অসম মইনা পাৰিজাতৰ তিনিমহীয়া কাকত ‘পাৰিজাত সংবাদ’ উন্মোচন আদিও অনুষ্ঠিত হ’ব। ২৬-২৯ মাৰ্চলৈ সমাৰোহৰ প্ৰতিটো দিনত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে বৰহোলা আঞ্চলিক মইনা পাৰিজাতৰ সভাপতি দিগন্ত বৰা আৰু সাধাৰণ সম্পাদক দীপক ৰাজখোৱাই।
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চ :