কংগ্ৰেছৰ বিৰোধী ঐক্যমঞ্চৰ মিত্ৰতাক লৈ বিদ্ৰোহৰ উকমুকনি
বোকাখাতত কংগ্ৰেছৰ বিৰোধী ঐক্যমঞ্চৰ মিত্ৰতাক লৈ বিদ্ৰোহৰ উকমুকনি উঠিছে আৰু বোকাখাত ব্লক কংগ্ৰেছ কমিটিয়ে সমুহীয়া পদত্যাগৰ হুংকাৰ দিছে৷ আজি বোকাখাত ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত বিষয়ববীয়াসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হিচাবে ৰাইজৰ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰতন দাৱক বোকাখাতত প্ৰাৰ্থীত্ব প্ৰদান কৰাক লৈ নাৰাজ হৈছে বোকাখাত কংগ্ৰেছ।
কংগ্ৰেছ কৰ্মী সকলে জনোৱা অনুসৰি তেওঁলোকে কোনো কাৰণতে মানি নলয় ৰাইজৰ দলৰ ৰতন দাৱৰ প্ৰাৰ্থীত্ব ৷ ৰাইজৰ দলৰ কোনো সাংগঠনিক ভেটি নথকাকৈ এজন অজ্ঞাত প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰাতো কোনো কাৰণতে মানি ল’ব পৰা নাই কংগ্ৰেছ কৰ্মীসকলে ৷
এই ক্ষেত্ৰত বিষয়টো পুনৰ বিবেচনা কৰি কংগ্ৰেছৰ এজন প্ৰাৰ্থীক বোকাখাতত প্ৰক্ষেপ কৰিবলৈ কংগ্ৰেছ হাইকমাণ্ডক অনুৰোধ জনাইছে কংগ্ৰেছ কৰ্মীসকলে ৷ বোকাখাতৰ কংগ্ৰেছ কৰ্মীসকলে বোকাখাত সমষ্টিৰ ২১২টা বুথত নিৰ্বাচন সম্পৰ্কীয় কামকাজসমূহ আগবঢ়াই নিছিল৷ কিন্তু বিৰোধী ঐক্য মঞ্চৰ মিত্ৰতাৰ সুত্ৰে ১০৫নং বোকাখাত সমষ্টি বিৰোধী ঐক্য মঞ্চৰ অন্যতম অংশীদাৰ ৰাইজৰ দলক এৰি দিয়াত বিমুখ হৈ পৰিছে বোকাখাতৰ কংগ্ৰেছ কৰ্মীসকল৷
নিয়মীয়া বাৰ্তা, বোকাখাত, ২০ মাৰ্চ