গুৱাহাটীত ৩০ মাৰ্চত RR vs CSK-ৰ IPL মেচৰ টিকট কেন্দ্ৰ মুকলি
অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত আসন্ন আই পি এলৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব৷ আই পি এলৰ উদ্বোধনী বৰ্ষৰ চেম্পিয়ন আৰ আৰ তথা পাঁচবাৰৰ চেম্পিয়ন চি এছ কেৰ মাজৰ হাইভল্টেজ মেচখনৰ ৭০ শতাংশ টিকট ইতিমধ্যে বিক্ৰি হৈছে৷
মেচলৈ ১০ দিন বাকী থকাৰ পাছতো ৰাজস্থান ৰয়েলছৰ অফিচিয়েল টিকেট পাৰ্টনাৰ ডিষ্ট্ৰিক্ট বাই জ’মাটোত দৰ্শকে যি উৎসাহেৰে টিকট ক্ৰয় কৰিছে তাক লক্ষ্য কৰি সহজে অনুমান কৰিব পাৰি যে বিগত বৰ্ষৰ দৰেই এইবাৰো আৰ আৰ বনাম চি এছ কে মেচখনত ৪০ হেজাৰ ক্ৰিকেটপ্ৰেমীৰ সমাবেশ ঘটিব৷ গোলাপী আৰু হালধীয়া ৰঙৰ সংমিশ্ৰণত ৰঙীন হৈ পৰিব এ চি এ ষ্টেডিয়াম৷
ইফালে, অসমক নিজৰ দ্বিতীয় ঘৰৰূপে লোৱা ৰাজস্থান ৰয়েলছে সাধাৰণ দৰ্শক তথা ছাত্ৰ-ছাত্ৰীক ৰেহাই মূল্যত টিকট দিয়াৰ দায়িত্বৰ পৰা কিন্তু আঁতৰি অহা নাই৷ দলটোৱে অসমৰ ছাত্ৰ-ছাত্ৰীক ৭৯৯ টকাতে আই পি এলৰ টিকট দিব৷
আনহাতে, দৰ্শকৰ বাবেও ১৪৯৯ টকাৰ এক বিশেষ শ্ৰেণীৰ টিকট আজিৰে পৰা মুকলি কৰা হৈছে৷ অহা ২১ আৰু ২২ মাৰ্চত ডিষ্ট্ৰিক্ট বাই জ’মাটোৰ টিকট বিক্ৰি কৰা বিশেষ গাড়ীখন আবেলি তিনি বজাৰ পৰা সন্ধিয়া সাত বজালৈ মহানগৰীৰ উজান বজাৰৰ ব্ৰহ্মপূত্ৰৰ পাৰত থাকিব৷
দৰ্শকে উক্ত দুটা দিনত এই স্থানৰ পৰাই টিকট সংগ্ৰহ কৰিব পাৰিব৷ ১৪৯৯ টকাৰ টিকট সকলোৰে বাবে মুকলি যদিও ছাত্ৰ-ছাত্ৰীৰ ৭৯৯ টকাৰ টিকট ল’ব লাগিলে উপযুক্ত প্ৰমান পত্ৰ দেখুৱাব লাগিব৷
ডিজিটেল ডেস্ক, ২০ মাৰ্চ