ডিজিটেল ডেস্ক, ২১ মার্চ : ৰাজনৈতিক বিশেষ পৰিস্থিতিত কংগ্রেছ এৰি হঠাৎ বিজেপিত যোগদান কৰিয়েই দিছপুৰ সমষ্টিৰ প্রার্থিত্ব লাভ কৰা প্রদ্যুৎ বৰদলৈয়ে আজি পুনৰ কংগ্রেছ ত্যাগৰ কাৰণ ব্যাখ্যা কৰিলে৷ কংগ্রেছৰ বিধায়ক ৰূপে মার্ঘেৰিটা সমষ্টিত চাৰিবাৰকৈ প্রতিনিধিত্ব কৰা আৰু কংগ্রেছৰ পৰাই নগাঁও সমষ্টিৰ দুবাৰকৈ সাংসদ হোৱা বৰদলৈয়ে জনোৱা অনুসৰি শেহতীয়াকৈ কংগ্রেছ দলে তেওঁক কৰিছিল চৰম অৱজ্ঞা৷
আজি মহানগৰীৰ এখন হোটেলত এখন সংবাদ মেল সম্বোধন কৰি কি পৰিস্থিতিত তেওঁ কংগ্রেছ ত্যাগ কৰিব লগা হ’ল তাৰ সবিশেষ বর্ণনা কৰিলে৷ ন–বিজেপি নেতাগৰাকীয়ে সংবাদ মেলত কয়– কংগ্রেছ দলৰ সভাপতিৰ বাবে যেতিয়া আভ্যন্তৰীণ নির্বাচন হৈছিল, তেতিয়া শশী থাৰুৰৰ সমর্থনত মই কাম কৰিছিলোঁ৷ পৰৱর্তী সময়ত মল্লিকার্জুন খার্গে সভাপতি হিচাপে নির্বাচিত হয়৷ কিন্তু মই নাজানোঁ এই নির্বাচনৰ পিছৰে পৰা লাহে লাহে মই যেন কংগ্রেছ দলত এলাগী হ’বলৈ আৰম্ভ কৰিছিলোঁ৷ মোতকৈ কনিষ্ঠ সদস্যসকলক বেলেগ বেলেগ ৰাজ্যৰ স্ক্রীনিং কমিটীৰ সদস্য কৰিলে, কংগ্রেছ ৱর্কিং কমিটীৰ সদস্য কৰিলে, কিন্তু মোৰ নাম সদায় উপেক্ষিত হৈ থাকিল৷
তেওঁ কয়- গৌৰৱ গগৈ যেতিয়া প্রদেশ কংগ্রেছৰ সভাপতি হিচাপে নির্বাচিত হ’ল, তাৰ পাছৰে পৰা প্রত্যেক ক্ষেত্রত মই অৱহেলিত হ’লোঁ৷ চাৰিওফালে মোক লৈ এক সন্দেহৰ বাতাৱৰণ আৰম্ভ হ’ল৷ কোনো সিদ্ধান্ত গ্রহণৰ প্রক্রিয়াত মোৰ কথা বিবেচনা কৰা নহ’ল৷ মই নগাঁৱৰ সাংসদ হৈ থকা অৱস্থাতে পঞ্চায়ত নির্বাচনৰ প্রচাৰ অভিযানৰ সময়ত মোৰ ওপৰত এক ভয়ংকৰ আক্রমণ হৈছিল৷ আৰক্ষীয়ে পিছত অনুসন্ধান কৰি যিজনক গ্রেপ্তাৰ কৰিলে, সেই ব্যক্তিজন হৈছে লাহৰীঘাটৰ বিধায়ক আছিফ নাজাৰৰ ঘনিষ্ঠ৷ কংগ্রেছ দলৰ সদস্যই মোৰ ওপৰতে প্রাণঘাতী আক্রমণ চলায়৷ এই কথা যেতিয়া মই কংগ্রেছ দলৰ নেতৃত্বক উল্লেখ কৰিলোঁ, সকলোৱে ইয়াক অৱজ্ঞা কৰিলে৷ কোনেও মোৰ হৈ এষাৰ মাত নামাতিলে৷ কংগ্রেছৰ স্ক্রীনিং কমিটীৰ সভাত মোৰ অভিযোগৰ বিপৰীতে কংগ্রেছ নেতৃত্বই এটা কথা প্রতিষ্ঠা কৰিলে যে মই ব্যক্তিগত শত্রুতাৰ বাবেহে হেনো এনেবোৰ অভিযোগ আনিছোঁ৷ স্ক্রীনিং কমিটীৰ বৈঠকত দলৰ সদস্য তথা সাংসদ ইমৰান মাছুদে মোৰ কথা মিছা বুলি কোৱাৰ পাছত গৌৰৱ গগৈয়ে এবাৰো মাত নিদিলে৷ কংগ্রেছ নেতৃত্বই মোৰ প্রতি শেহতীয়াকৈ কৰা এনে আচৰণত অপমানিত হৈছোঁ, যাৰ বাবে দলটোৰ পৰা পদত্যাগ কৰিলোঁ৷
প্রদ্যুৎ বৰদলৈয়ে আজি ইয়াকো উল্লেখ কৰে যে বিজেপিৰ উচ্চ নেতৃত্বৰ পৰা মোক দিছপুৰত প্রতিদ্বন্দ্বিতাৰ বাবে কোৱা হৈছে৷ দৰাচলতে বিজেপিৰ সংস্কৃতিৰ লগত মই পৰিচিত নাছিলোঁ৷ মই মাত্র বিচাৰিছিলোঁ, আত্মসন্মান ৰক্ষা কৰি অসমখনক আগুৱাই নিয়াটো৷ মোৰ কোনো পূর্বচর্ত নাছিল৷ কিন্তু বিজেপিত যি আদৰণি লাভ কৰিছোঁ, যি সহায় পাইছোঁ যোৱা দুদিনত তাৰ পৰা মই যথেষ্ট আশ্বস্ত হৈছোঁ৷