নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লালুকত দহ লাখ পঞ্চাশ হাজাৰ টকাৰ জালনোট উদ্ধাৰ, এজনক জে’ললৈ প্ৰেৰণ

জালনোট, ড্ৰাগছ, গাঞ্জা আদি মাৰাত্মক নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়, নকল সোণ, ঠগ, প্ৰৱঞ্চক আদি কাৰ্যৰ সৈতে সততে নাম সাঙোৰ খাই অহা লখিমপুৰ জিলাৰ লালুক, বঙালমৰা, বিহপুৰীয়া, নাওবৈচা আদি অঞ্চলত পুলিচ প্ৰশাসনে মাৰাথন অভিযান অব্যাহত ৰাখিলেও বহু অঞ্চলত আৰক্ষী প্ৰশাসনক অন্ধকাৰত ৰাখি দুই নম্বৰী ব্যৱসায় চক্ৰই বিভিন্ন কূটকৌশল ৰচনা কৰি ৰমৰমীয়া ব্যৱসায় চলাই যাবলৈ মৰসাহ কৰা কাৰ্যই সচেতন মহলৰ চকু কপালত তুলিছে৷

লালুক আৰক্ষীয়ে দেওবাৰে এটা বাসগৃহত অভিযান চলাই নগদ দহ লাখ পঞ্চাশ হাজাৰ টকাৰ জালনোট উদ্ধাৰ কৰাৰ লগতে এজনক জালত পেলাবলৈ  সক্ষম হয়৷ লালুক আৰক্ষীয়ে জনোৱা মতে, এক গোপন সূত্ৰৰ ভিত্তিত লালুক থানাৰ অ’চি সীমান্ত পাঠকসহ এটা আৰক্ষীৰ দলে লালুক থানাৰ অন্তৰ্গত ২নং ধৰ্মপুৰৰ জীয়াবুৰ ৰহমানৰ বাসগৃহত তালাচী চলাই নগদ পাঁচশটকীয়া ২১টা বাণ্ডিল, মুঠ ১০ লাখ ৫০ হাজাৰ টকাৰ জালনোট উদ্ধাৰ কৰে৷ আৰক্ষীয়ে জালনোট ব্যৱসায়ৰ সৈতে জড়িত জিয়াবুৰ ৰহমান (২৯)কো জালত পেলাবলৈ সক্ষম হয়৷ লালুক আৰক্ষীয়ে জালনোটসহ জীয়াবুৰক লালুক থানালৈ আনি তদন্ত কৰে৷

আৰক্ষীয়ে জনোৱা মতে, জীয়াবুৰ ৰহমান পূৰ্বতেও এনেধৰণৰ অপৰাধৰ কাৰণে জে’লৰ ভাত খাবলগীয়া হৈছিল৷ লালুক আৰক্ষীয়ে আজি ধৃত জীয়াবুৰক জে’ললৈ প্ৰেৰণ কৰিছে৷

নিয়মীয়া বাৰ্তা, লালুক, ২৩ মাৰ্চ :
You might also like