নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰত এনপিপি প্ৰাৰ্থী আমিনুল ইছলামৰ মনোনয়ন প্ৰত্যাহাৰ

নিৰ্বাচনী গৰমৰ মাজতে আজি ১১ নং মানকাচৰ বিধানসভা সমষ্টিত এক ডাঙৰ ৰাজনৈতিক ওলট-পালট দেখিবলৈ পোৱা গৈছে। সমষ্টিটোৰ এনপিপি (NPP) দলৰ প্ৰাৰ্থী আমিনুল ইছলামে আজি আনুষ্ঠানিক ভাৱে নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, এআইইউডিএফ (AIUDF) দল ত্যাগ কৰি এনপিপিত যোগদান কৰা আমিনুল ইছলামে যোৱা কেইবাদিনো ধৰি সমষ্টিটোৰ চুকে-কোণে নিবিড় নিৰ্বাচনী প্ৰচাৰ চলাই আছিল। সভা-সমিতি, পোষ্টাৰ- বেনাৰেৰে সমষ্টিটোত তেওঁৰ পক্ষত এক বিশেষ পৰিৱেশ গঢ়ি তুলিছিল। কিন্তু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনটোত তেওঁ লোৱা এই আকস্মিক সিদ্ধান্তই সকলোকে আচৰিত কৰি তুলিছে।

ইছলামৰ এই সিদ্ধান্তৰ লগে লগে তেওঁৰ অনুগামী তথা সমৰ্থকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিৰ্বাচনী যুঁজৰ বাবে সাজু হোৱা সমৰ্থক সকল এতিয়া হতাশ হৈ পৰা দেখা গৈছে। আমিনুল ইছলামৰ এই পদক্ষেপে এতিয়া সমষ্টিটোৰ নিৰ্বাচনী সমীকৰণ সম্পূৰ্ণ সলাই পেলাইছে।

এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে— আমিনুল ইছলামৰ সমৰ্থক সকলে এতিয়া কোনটো ৰাজনৈতিক দলক সমৰ্থন জনাব? তেওঁলোকৰ এই বৃহৎ ভোটবেংক কোনফালে ঢাল খাব, তাক লৈ ৰাজনৈতিক মহলত তীব্ৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। সমষ্টিটোৰ আন প্ৰাৰ্থী সকলৰ বাবেও এই পৰিস্থিতি এক নতুন প্ৰত্যাহ্বান বা সুযোগ হিচাপে থিয় দিছে।

ডিজিটেল ডেস্ক, ২৬ মাৰ্চ

You might also like