নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা আৰম্ভ বহু প্ৰত্যাশিত আই পি এল : দেশৰ ক্ৰিকেট অনুৰাগীৰ মাজত উৎকণ্ঠা

ডিজিটেল ডেস্ক, ২৭ মাৰ্চ : কাইলৈৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত আইপিএল-২০২৬। এইবাৰ ৮৪খন মেচেৰে প্ৰায় দুমাহ ধৰি চলিবলগীয়া বিচিচিআইৰ ঐশ্বৰ্যশালী প্ৰতিযোগিতাখনৰ বাবে এতিয়া দেশৰ ক্ৰিকেট অনুৰাগীৰ মাজত উৎকণ্ঠা বিৰাজ কৰিছে। বিশ্ব ক্ৰিকেটত নিজস্ব পৰিচয়েৰে দপদপাই থকা ব্যয়বহুল মেগা প্ৰতিযোগিতা আই পি এল-২০২৬ শনিবাৰৰ (২৮ মাৰ্চ) পৰা আৰম্ভ হ’ব।

আৰু মাত্ৰ কেইটামান ঘণ্টা। কাইলৈৰ পৰা দেশৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ অৱশ্যে এইবাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত নহয় বুলি বিচিচিআইৰ তৰফৰ পৰা জনোৱা হৈছে। প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদ অৱতীৰ্ণ হ’ব। সন্ধিয়া ৭.৩০ বজাৰ পৰা বেংগালুৰুস্থিত এম চিন্নাস্বামী ষ্টেডিয়ামত মেগা প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচখন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হ’ব। অধীৰ আগ্ৰহেৰে ৰৈ থকা দেশৰ ক্ৰিকেট অনুৰাগীয়ে আশা কৰিছে যে প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচখনত ৰানেৰে ভৰপূৰ খেল দেখা যাব।

এইবাৰৰ আই পি এলৰ খেলসমূহ দেশৰ ১৩খন চহৰত অনুষ্ঠিত হ’ব। আই পি এলৰ মেচসমূহ অনুষ্ঠিত হ’বলগীয়া ভেন্যুসমূহৰ ভিতৰত গুৱাহাটীও আছে। ৰাজস্থান ৰয়েলছৰ গৃহ খেলপথাৰ গুৱাহাটীত তিনিখনকৈ খেল অনুষ্ঠিত হ’ব। সেই অনুসৰি ৩০ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ’ব মেগা প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচ। গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন মেচত ঘৰুৱা দল ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইয়াৰ উপৰি ৭ এপ্ৰিলত গুৱাহাটীত মুম্বাইৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ৰাজস্থান ৰয়েলছ। গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া শেষৰখন খেল ১০ এপ্ৰিলত বেংগালুৰু আৰু ৰাজস্থানৰ মাজত অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতাখন অনুষ্ঠিত হ’বলগীয়া আন ভেন্যুকেইটা হৈছে দিল্লী, কলকাতা, মুম্বাই, চেন্নাই, জয়পুৰ, ধৰমশালা, লক্ষ্ণৌ, হায়দৰাবাদ, আহমেদাবাদ, বেংগালুৰু।

উল্লেখ্য যে বিগত বর্ষৰ ৪ জুনত ৰয়েলছ চেলেঞ্জার্ছ বেংগালুৰুৱে প্রথমবাৰৰ বাবে আইপিএলৰ খিতাপ জয়ৰ পিছত উদযাপিত বিজয় উৎসৱৰ সময়ত সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশত মৃত্যু হৈছিল ১১জনকৈ লোকৰ ৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে উক্ত ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্রতি সন্মান জনাই এইবাৰ আইপিএলৰ উদ্বোধনী অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ৷

You might also like