শিৱসাগৰত অখিলৰ সংগ ত্যাগ কৰি বিজেপিত যোগদান ৰাইজৰ দলৰ কৰ্মীৰ
বিধানসভা নিৰ্বাচনৰ ভোটদান পৰ্বলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত দেখা গৈছে ৰাইজৰ দলত ব্যাপক খহনীয়া। কিছুদিনৰ পূৰ্বে দলটোৰ জিলা সমিতিৰ উপ-সভাপতি খদ্যুৎ দত্তই অখিল গগৈৰ বিৰুদ্ধে বহু বিতৰ্কিত কথাৰ অৱতাৰণা কৰি দল ত্যাগ কৰাৰ পিছত পুনৰ আৰম্ভ হৈছে দলত্যাগৰ জোঁৱাৰ৷
ইতিমধ্যে ৰাইজৰ দলৰ দিচাংধাই আলি আঞ্চলিকৰ সম্পাদক চেহিদুৰ ৰহমানে প্ৰায় দুশজন সমৰ্থক সহিতে বিজেপি দলত যোগদান কৰিছে৷ নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ প্ৰচাৰ অব্যাহত ৰখা অখিল গগৈৰ সপোনত চেঁচাপানী ঢালি মৰিয়া যুৱ ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি ফাৰুক আহমেদে শতাধিক বিজেপিত যোগদান কৰিছে বুলি জানিবলৈ পোৱা গৈছে।
উল্লেখ্য যে, মৰিয়া যুৱ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদক বাবুকণ আলিৰ লগতে প্ৰায় সাতজন বিষযববীয়ায়ো বিজেপি দলত যোগ দিছে বুলি জানিব পৰা গৈছে।
নিয়মীয়া বাৰ্তা, শিৱসাগৰ, ২৭ মাৰ্চ