ডিজিটেল ডেস্ক, ২৯ মার্চ : গুজৰাটৰ কচ্চ উপকূলৰ সমীপত উদ্ধাৰ হৈছে এটা বিশালকায় সাপৰ জীৱাশ্ম৷ এই প্রকাণ্ড সাপটো হিন্দুৰ পৌৰাণিক কাহিনীৰ বাসুকি নাগৰ সৈতে জড়িত বুলি সেই নামেৰেই নামকৰণ কৰা হৈছে৷ তদুপৰি ইয়াৰ শাৰীৰিক অৱয়বৰ ভিত্তিত বিশ্বৰ সর্ববৃহৎ সর্প বুলিও দাবী কৰিছে গৱেষকসকলে৷
গৱেষকৰ ধাৰণা মতে, কচ্চত উদ্ধাৰ হোৱা সাপডালৰ ওজন প্রায় এহেজাৰ কিলোগ্রাম হ’ব পাৰে৷ ইয়াৰ দৈর্ঘ্য ৪৯ ফুট৷ ২০০৫ চনৰ কচ্চৰ লিগনাইট খনিত উদ্ধাৰ হৈছিল এই জীৱাশ্ম ৷ দুই দশক ধৰি এই বিশাল সাপডালক লৈ গৱেষণা অব্যাহত আছে৷ বিজ্ঞানীসকলে সাপডালৰ মেৰুদণ্ডৰ ২৭টা অংশ উদ্ধাৰ কৰিছে৷
আইআইটি ৰুৰকিৰ বিজ্ঞানীসকলে ২০ বছৰ ধৰি অধ্যয়ন কৰি জনোৱা মতে এই বিশালকায় সৰীসৃপবোৰ ডাইন’ছৰ বিলুপ্ত হোৱাৰ পিছতো ১৬ কোটি বছৰতকৈও অধিক সময় পৃথিৱীত জীয়াই আছে৷ ইয়াৰ আগলৈকে টিটানুব’ৱাক বিশ্বৰ আটাইতকৈ ডাঙৰ সর্প হিচাপে বিবেচনা কৰা হৈছিল৷ ২০০৯ চনৰ কলম্বিয়াৰ এটা কয়লাখনিত টিটানুব’ৱাৰ এটা জীৱাশ্ম আৱিষ্কাৰ হৈছিল৷ সেই সময়ত অনুমান কৰা মতে টিটানুব’ৱাৰ দৈর্ঘ্য আছিল ৪২ ফুট৷ টিটানুব’ৱা আৰু বাসুকিৰ মাজত অদ্ভুত সাদৃশ্য আছে৷
অৱশ্যে দুয়োটা সৰীসৃপৰ মেৰুদণ্ডৰ হাড়ৰ মাজত পার্থক্যও চিহ্ণিত কৰিছে বিজ্ঞানীসকলে৷ শেহতীয়া গৱেষণাত টিটানুব’ৱাৰ বিপৰীতে ৪৯ ফুট দৈর্ঘ্যৰ বাসুকিকে বিশ্বৰ সর্ববৃহৎ সাপ বুলি চিনাক্ত কৰিছে বিজ্ঞানীসকলে৷ উল্লেখ্য যে মহাভাৰতত বাসুকি নাগৰ গুৰুত্ব অধিক৷ বিশেষকৈ সাগৰ মন্থনত বাসুকি নাগক জৰী হিচাপে লৈছিল অসুৰ আৰু দেৱতাই৷