চেন্নাই ছুপাৰ কিংছ শিবিৰত মোক্ষম আঘাত, দুসপ্তাহলৈ আইপিএলত খেলিব নোৱাৰিব ধোনী
ডিজিটেল ডেস্ক, ২৯ মার্চ : আইপিএলৰ আৰম্ভণিতেই মোক্ষম আঘাত চেন্নাই ছুপাৰ কিংছৰ শিবিৰত৷ সম্ভৱতঃ প্রতিযোগিতাখনৰ প্রথম দুসপ্তাহ খেলিব নোৱাৰিব তাৰকা খেলুৱৈ মহেন্দ্র সিং ধোনীয়ে৷ আইপিএল আৰম্ভ হোৱাৰ দিনা পুৱাই চেন্নাই কর্তৃপক্ষই ছ’চিয়েল মিডিয়াৰ জৰিয়তে ধোনীৰ আঘাতৰ কথা সদৰী কৰিছে৷
ধোনীয়ে ভৰিৰ পেশীত আঘাত পাইছে৷ আঘাত কিছু উপশম হ’লেও বর্তমান খেলপথাৰত নমাৰ অৱস্থাত নাই তাৰকাগৰাকী৷ অভিজ্ঞ উইকেটৰক্ষক-বেটাৰগৰাকী এতিয়া ৰিহাবত আছে৷ ধাৰণা কৰা হৈছে যে সম্পূর্ণ ফিট হ’বলৈ তেওঁক প্রায় দুসপ্তাহ সময় লাগিব পাৰে৷ অহা ১১ এপ্রিলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিবলগীয়া মেচখনলৈকে তেওঁৰ খেলাৰ সম্ভাৱনা নাই৷ সেইক্ষেত্রত প্রথম চাৰিখন মেচত ধোনীক নাপাব চেন্নায়ে৷
৩০ মার্চত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’বলগীয়া চলিত ছিজনৰ চেন্নাইৰ প্রথমখন খেলত কেপ্টেইন কুল ধোনীয়ে অংশ লোৱাৰ আশা ক্ষীণ৷ নতুন কোনো সমস্যা নহ’লে ১৪ এপ্রিলত কলকাতা নাহট ৰাইডার্ছৰ বিৰুদ্ধে প্রথমবাৰলৈ ফিল্ডত নামিব পাৰে চিএছকেৰ প্রাক্তন অধিনায়কগৰাকী৷ তেওঁৰ আঘাতক লৈ কোনোধৰণৰ ৰিস্ক ল’ব বিচৰা নাই ষ্টিফেন ফ্লেমিং বাহিনীয়ে৷ ধোনীয়ে খেলিব নোৱাৰিলেও চেন্নাইৰ বিশেষ সমস্যা নহ’ব৷ কাৰণ এইবাৰ চিএছকে কর্তৃপক্ষই দলত অন্তর্ভুক্ত কৰিছে সঞ্জু ছেমছনক৷ টি–২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ উইকেটৰক্ষক-বেটাৰগৰাকীয়ে ধোনীৰ অভাৱ পূৰণ কৰিব পাৰিব বুলি সকলো আশাবাদী৷
মূলতঃ ধোনীৰ বাবেই সমগ্র দেশতে চিএছকে ইমান জনপ্রিয়৷ ধোনীৰ এই অপ্রত্যাশিত আঘাতৰ বাবে ২২ গজত ধোনীৰ যাদু উপভোগ কৰাৰ পৰা বঞ্চিত হ’ব পাৰে অসমৰ ধোনীৰ অনুৰাগীসকলো৷ গুৱাহাটীত ধোনীৰ খেল উপভোগ কৰিবলৈ উদগ্রীৱ হৈ থকা ক্রিকেট অনুৰাগীৰ বাবে নিশ্চয়কৈ এয়া অতি হতাশাৰ খবৰ৷ এইবাৰ ধোনীক চেন্নায়ে কেনেকৈ ব্যৱহাৰ কৰিব, তাক লৈ দীর্ঘদিন ধৰি জল্পনা–কল্পনা চলি আছে৷