নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইৰ চিকিৎসালয়ত হাহাকাৰঃ ৩ চিকিৎসক, ৪০ নাৰ্ছৰ শৰীৰত ক’ৰোনা

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছ মহামাৰীৰ চিকিৎসা কৰি মুম্বাইৰ এখন হাস্পতালৰ চিকিৎসক আৰু নাৰ্ছ নিজেই আক্ৰান্ত হোৱা ঘটনাই দেশত উদ্ৰেক সৃষ্টি কৰিছে । যাৰ বাবে মুম্বাইৰ হাস্পতালখন আজি অৱৰুদ্ধকৰণেৰে বন্ধ কৰি দিব লগা পৰিস্থিতিৰ উদ্ভৱ হয় । ক’ভিড-১৯ ৰ হটস্পট হিচাপে চিহ্নিত মুম্বাইৰ ৱকহাৰ্ড হাস্পতালত সেৱা আগবঢ়াই থকা তিনিজন চিকিৎসক আৰু ২৬ গৰাকীকৈ নাৰ্ছৰ শৰীৰত ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ কথা ধৰা পৰে । শেহতীয়া তথ্য মতে হাস্পতালখনৰ অধ্যক্ষই জনোৱা অনুসৰি ক’ভিড ৱাৰ্ডৰ বাহিৰেও আন ৱাৰ্ডলৈও ক’ৰোনাৰ সংক্ৰমণ বিয়পি যোৱাত হাস্পতালখনত মুঠ ৪০ গৰাকী নাৰ্ছ সংক্ৰমিত হৈছে । উল্লেখ্য যে, দেশৰ ভিতৰতে ক’ৰোনা ভাইৰাছত সৰ্বাধিক লোক আক্ৰান্ত হোৱা ৰাজ্যখন হ’ল মহাৰাষ্ট্ৰ । ৰাজ্যখনৰ মুম্বাইতেই বেছিসংখ্যক লোক আক্ৰান্ত আৰু মৃত্যু হৈছে । সোমবাৰে চিকিৎসক আৰু নাৰ্ছকেইগৰাকীৰ শৰীৰত ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰাৰ পাচতেই ৰাজ্যৰ প্ৰশাসনে মুহূৰ্ততে হাস্পতালখন বন্ধ কৰি দিবলৈ বাধ্য হয় ।

You might also like