কপিল দেৱ–ধোনীৰ ওচৰত ক্ষমা বিচাৰিলে যুৱৰাজে, কিন্তু কিয় ?
ডিজিটেল ডেস্ক, ৪ এপ্রিল : পিতৃৰ বিতর্কিত মন্তব্যৰ বাবে বিশ্বকাপ বিজয়ী দুই অধিনায়ক কপিল দেৱ আৰু মহেন্দ্র সিং ধোনীৰ ওচৰত ক্ষমা বিচাৰিলে যুৱৰাজ সিঙে৷ ভাৰতীয় ক্রিকেটত দীর্ঘদিন ধৰি চলি থকা বিতর্কই এক নতুন ৰূপ লৈছে৷ বহু বছৰ ধৰি যুৱৰাজৰ পিতৃ যোগৰাজ সিঙে কপিল দেৱ আৰু ধোনীক লক্ষ্য কৰি বিতর্কিত মন্তব্য কৰি আহিছে৷ এই বিষয়ত অৱশেষত যুৱৰাজে নিজৰ মৌনতা ভংগ কৰিলে৷
শেহতীয়াকৈ এটা প’ডকাষ্টত যুৱৰাজে কয় যে মই কপিল দেৱ আৰু ধোনীৰ ওচৰত ক্ষমা বিচাৰিছোঁ৷ এই মন্তব্যই ইতিমধ্যে ক্রিকেট জগতত আলোড়নৰ সৃষ্টি কৰিছে৷ এক দশকৰো অধিক সময় ধৰি যোগৰাজ সিঙে বিভিন্ন সময়ত সংবাদ মাধ্যমত ধোনীক তীব্র আক্রমণ চলাই আহিছে৷ তেওঁ অভিযোগ কৰে যে যুৱৰাজৰ আন্তঃৰাষ্ট্রীয় কেৰিয়াৰ হঠাতে বন্ধ হৈ পৰাত ধোনীয়ে মুখ্য ভূমিকা পালন কৰিছিল৷ যদিও যুৱৰাজে এই বিষয়ত এতিয়ালৈকে ৰাজহুৱাভাৱে একো কোৱা নাই৷
এইবাৰ অৱশ্যে তেওঁ নিজৰ স্থিতি স্পষ্ট কৰিছে৷ প’ডকাষ্টত তেওঁক সোধা হৈছিল- দেউতাকৰ সাক্ষাৎকাৰ চাই বেয়া লাগে নেকি? যুৱৰাজে কয় যে তেওঁ ব্যক্তিগতভাৱে পিতৃৰ মন্তব্যত অস্বস্তি অনুভৱ কৰে৷ এই বিষয়ে দেউতাককো অৱগত কৰিছে৷ প্রাক্তন বাঁওহতীয়া তাৰকাগৰাকীয়ে কয় যে মই মোৰ দেউতাক কৈছিলোঁ যে এইটো ঠিক নহয়৷ কেৱল ধোনীয়েই নহয়, ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী অধিনায়ক কপিল দেৱো যোগৰাজৰ সমালোচনাৰ সন্মুখীন হৈছে৷ যোগৰাজে এতিয়াও কপিলক ক্রিকেট কেৰিয়াৰৰ আৰম্ভণিতে দলৰ পৰা বাদ পৰাৰ বাবে দোষাৰোপ কৰে৷ আনকি এবাৰ পিষ্টল লৈ কপিল দেৱৰ ঘৰলৈ গৈছিল বুলিও তেওঁ এটা চাঞ্চল্যকৰ দাবী কৰিছিল৷ অৱশ্যে অৱশেষত যুৱৰাজে পিতৃৰ হৈ ক্ষমা খুজিলে৷