নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কংগ্ৰেছে অবৈধ বাংলাদেশীক স্থান নিদিলে অসম আন্দোলনৰ প্ৰয়োজনে নাছিল’

নিয়মীয়া বাৰ্তা, দুলীয়াজান, ৪ এপ্ৰিল : “এইখন অসম অসমীয়াৰ, ইয়াত কেৱল অসমীয়াৰ অধিকাৰ থাকিব লাগিব। কোনো যুক্তিতে অবৈধ মিঞা বালাংদেশীৰ দপদপনি সহ্য নকৰোঁ। মহাবীৰ লাচিত বৰফুকনে মোগলৰ বিৰুদ্ধে ১৮ বাৰ যুঁজ দি বিদেশী আক্ৰমণক পৰাভূত কৰি অসমীয়া জাতীয় জীৱনৰ অস্তিত্ব যেনেধৰণে বীৰ বিক্ৰমেৰে ৰক্ষা কৰিলে, সেইবাবে বিশ্বজুৰি আমাৰ ৰাজ্যই সুকীয়া মৰ্যাদা পাবলৈ সক্ষম হ’ল। লাচিত বৰফুকনে বহিৰাগত শত্ৰুৰ হাতৰ পৰা নিজ দেশক উদ্ধাৰ কৰাৰ শিক্ষাৰে শিক্ষিত কৰি গৈছে আমাৰ সমাজ জীৱনক। সেয়ে আমাৰ সমাজ জীৱনত এনে বিশ্বাস প্ৰোথিত হৈছে যে অসমীয়া জাতি মানে বীৰ লাচিত, বীৰ চিলাৰায়, ৰাঘৱ মৰাণ, সৰ্বানন্দ সিংহ আদি তেনেধৰণে অসমীয়া জাতিক আমি মূল্যায়ন কৰিছোঁ। গতিকে এইবাৰো এই নিৰ্বাচনত আমি সংকল্প লৈছোঁ যে অবৈধ মিঞা বাংলাদেশীৰ কবলত থকা মাটি-ভেটি আমি উদ্ধাৰ কৰিম।”- এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

আজি দুলীয়াজান বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ হৈ দুলীয়াজানৰ ভাদৈ পাঁচআলি বিহুতলী খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ চলায় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে। দুলীয়াজানৰ পাছতে টেঙাখাতৰ ঘাঁহী ফুকনবাৰী মুকলি মঞ্চত অনুৰূপ ধৰণে প্ৰচাৰ অভিযানত অংশ লৈ সহস্ৰাধিক লোকক সম্বোধন কৰে সৰ্বানন্দ সোণোৱালে।

তেওঁ ভাষণ প্ৰসংগত কয়- এতিয়াও অসমখন সম্পূৰ্ণৰূপে বিদেশীমুক্ত হোৱা নাই। বিগত সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসম চৰকাৰে বিদেশীমুক্ত কৰিবলৈ যি শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিলে তাৰ বাবে খিলঞ্জীয়াই কিছু হ’লেও সকাহ পাইছে। তেওঁ পুনৰ কয় যে অসমৰ বিভিন্ন প্ৰান্তত অবৈধ বাংলাদেশীৰ হাতত যিমানসংখ্যক মাটি আছে সেই ঠাইত উচ্ছেদ চলাই সেই মাটি খিলঞ্জীয়া মানুহৰ হাতত তুলি দিব লাগিব। আজিপৰ্যন্ত বিজেপি চৰকাৰে আঠ লাখ খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা দিছে। অধিকাৰ সাব্যস্ত কৰিবলৈ হ’লে প্ৰথমে নিজৰ মাটিৰ ওপৰত সাংবিধানিক দলিল পাবই লাগিব খিলঞ্জীয়াই। নিজৰ মাটিৰ যোগেদিহে স্হায়ীভাৱে প্ৰভুত্ব বিস্তাৰ কৰিব পাৰে। ইতিমধ্যে চৰকাৰে অবৈধ বাংলাদেশীৰ ডেৰ লাখ বিঘা মাটিত উচ্ছেদ অভিযান চলাই তাক মুক্ত কৰিবলৈ সক্ষম হৈছে।

অসমৰ জাতীয় জীৱন ৰক্ষাৰ বাবে যিমানখিনি কাম অসম চৰকাৰে গ্ৰহণ কৰিছে তাৰ পৰিপ্ৰেক্ষিতত অসমীয়া মানুহৰ আত্মবিশ্বাস বৃদ্ধি পাইছে যে আগন্তুক সময়ত বিজেপি চৰকাৰে অসমীয়াৰ মান-সন্মান-স্বাভিমান ৰক্ষা কৰিব। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ভাষণ প্ৰসংগত কংগ্ৰেছক সমালোচনাৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে যে অবৈধ বিদেশীক অসমত স্থান নিদিয়া হ’লে অসম আন্দোলনৰ সূত্ৰপাতে নহ’ল হয়। সেই সময়ত অহিংসা নীতিত চলা ছবছৰীয়া অসম আন্দোলনৰ কৰ্মীসকলৰ ওপৰত কংগ্ৰেছ চৰকাৰে অত্যাচাৰ চলাই এক লাখ লোকক ঘুণীয়া কৰিলে আৰু পুলিচ-বেটেলিয়নৰ যোগেদি ৮৬০ জনক হত্যা কৰিলে। ইমানখিনি ডাঙৰ অপৰাধ কংগ্ৰেছ চৰকাৰে অসমীয়া জাতিৰ ক্ষেত্ৰত কৰিলে। কংগ্ৰেছৰ এই অক্ষমণীয় অপৰাধে বৰ অসমৰ জাতি-জনগোষ্ঠীৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিলে।

আজিৰ সভাত উপস্থিত থাকে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী ৰামেশ্বৰ তেলীকে ধৰি ৰাজ্যসভাৰ সাংসদ তেৰছ গোৱালা, ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা, হাৰিয়ানাৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা প্ৰবাসী প্ৰভাৰী চিমা তৃষা, দুলীয়াজান সমষ্টিৰ সংযোজক তথা জ্যেষ্ঠ নেতা ইন্দ্ৰ গগৈ, জ্যেষ্ঠ নেত্ৰী ডেইজী ৰাণী ফুকন শ্যাম, যুৱ নেতা তথা মিডিয়া পেনেলিষ্ট শংকৰজ্যোতি বৰুৱা, দুলীয়াজান সমষ্টিৰ প্ৰভাৰী গৌৰী বৰা, ডিব্ৰুগড় জিলা অগপৰ সভাপতি আদিত্য গোস্বামী, জ্যেষ্ঠ নেতা বংশীলাল চাহুকে ধৰি জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু মণ্ডল পৰ্যায়ৰ দলীয় নেতৃত্ব।

You might also like