নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোমাঞ্চকৰ মেচত ৰাজস্থানে ৬ ৰানত হৰুৱালে গুজৰাট টাইটানছক

ডিজিটেল ডেস্ক, ৫ এপ্রিল : আহমেদাবাদত ৰোমাঞ্চকৰ জয় অসম সন্তান ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছৰ৷ চলিত আইপিএলৰ শনিবাৰে অনুষ্ঠিত শ্বাসৰুদ্ধকাৰী মেচখনত ৰাজস্থানে গুজৰাট টাইটানছক ৬ ৰানত পৰাস্ত কৰে৷ দুখন মেচ খেলি দুয়োখনতে বিজয় সাব্যস্ত কৰি ৰিয়ান পৰাগ বাহিনীয়ে পইণ্ট তালিকাৰ শীর্ষস্থানলৈ উন্নীত হৈছে৷

মেচখনত ৰাজস্থানে জয়ৰ বাবে বান্ধি দিয়া ২১১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰ সাই সুদর্শনৰ দর্শনীয় অর্ধশতক সত্ত্বেও গুজৰাটে নির্ধাৰিত অ’ভাৰত ৮টা উইকেট হেৰুৱাই ২০৪ ৰানহে সংগ্রহ কৰে৷ সুদর্শনে ৪৪টা বলত ৯টা চাৰি আৰু ৩টা ছয়েৰে ৭৩ ৰান কৰে৷ এটা সময়ত দলীয় স্ক’ৰ ১৬১ ৰানতে ৭টা উইকেট হেৰুৱাই বিপদত পৰিছিল যদিও ৰছিদ খান আৰু কাগিছো ৰাবাডাই অষ্টম উইকেটত ৪৩ ৰান কৰি দলক জয়ৰ দিশে আগবঢ়াই নিছিল যদিও ৰছিদ খান আউট হোৱাৰ পিছত দলটোৰ জয়ৰ আশা নির্বাপণ হয়৷ ৰছিদে ২৪ ৰান কৰি বিদায় লয় যদিও ৰাবাডাই ২৩ ৰান কৰি অপৰাজিত হৈ থাকে৷ বাটলাৰে ২৬ ৰান কৰে৷ ৰাজস্থানৰ হৈ ৰবি বিষ্ণয়ে সর্বাধিক চাৰিটা উইকেট লাভ কৰে৷

ইয়াৰ পূর্বে প্রথমে বেটিং কৰি অ’পেনাৰ যশস্বী জয়ছোৱাল আৰু ধ্রুৱ জুৰেলৰ দর্শনীয় অর্ধশতকৰ সহায়ত ৰাজস্থান ৰয়েলছে নির্ধাৰিত ২০ অ’ভাৰত ৬টা উইকেট হেৰুৱাই ২১০ ৰান সংগ্রহ কৰে৷ ইনিংছ মুকলি কৰি জয়ছোৱাল আৰু বৈভৱ সূর্যবংশীয়ে প্রথম উইকেটৰ যুটিত ৭০ ৰান সংগ্রহ কৰি দলটোক শক্তিশালী আৰম্ভণি দিয়ে৷ বৈভৱে ১৮টা বলত ৩১ ৰান কৰি বিদায় লয় যদিও জয়ছোৱালে ৩৬টা বলত ৬টা চাৰি আৰু ৩টা ছয়েৰে ৫৫ ৰানৰ গুৰুত্বপূর্ণ অৰিহণা আগবঢ়ায়৷

আউট হোৱাৰ পূর্বে জয়ছোৱালে ধ্রুৱ জুৰেলৰ সৈতে দ্বিতীয় উইকেটত ৫৬ ৰান সংগ্রহ কৰি দলটোক শক্তিশালী স্থিতিত উপনীত কৰায়৷ ৪২টা বলত ৫টা চাৰি আৰু সমসংখ্যক ছয়েৰে জুৰেলে ৭৫ ৰানৰ দর্শনীয় ইনিংছ দলক উপহাৰ দিয়ে৷ আউট হোৱাৰ পূর্বে জুৰেলে অধিনায়ক ৰিয়ানৰ সৈতে তৃতীয় উইকেটত ৯, হেটমায়াৰৰ সৈতে চতুর্থ উইকেটত ৩০, ড’ন’ভান ফেৰেইৰাৰ সৈতে পঞ্চম উইকেটত ১ আৰু ৰবীন্দ্র জাদেজাৰ সৈতে ষষ্ঠ উইকেটত ৩৯ ৰান সংগ্রহ কৰে৷ জুৰেলৰ মাৰমুখী বেটিঙৰ সহায়ত ৰাজস্থানে শক্তিশালী স্থিতিত উপনীত হয়৷ ইফালে, অধিনায়ক পৰাগে চাৰিটা বলত ৮ ৰান কৰি বিদায় লোৱাৰ বিপৰীতে হেটমায়াৰে ৮টা বলত ১৮ ৰানৰ অৱদান আগবঢ়ায়৷ জাদেজাই ৭ আৰু জ’ফ্রা আর্চাৰে ১ ৰানত অপৰাজিত হৈ থাকে৷

You might also like