নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেছ সংকট : হৰমুজৰ বিকল্প পথৰ সন্ধান লাভ ভাৰতৰ

ডিজিটেল ডেস্ক, ৫ এপ্রিল : ইৰানৰ দখলত থকা হৰমুজ প্রণালী নহয়, মধ্যপ্রাচ্য পাৰ হ’বলৈ বিকল্প পথৰ সন্ধান পালে জাহাজবোৰে৷ –এনে এটি ধাৰণাকে কৰিছে তথ্যবিজ্ঞ মহলে৷

জানিব পৰা মতে, হৰমুজ প্রণালী বা সেই এলেকা সংলগ্ণ জলপথ নহয়৷ একেবাৰে অন্য পথেৰে চলাচল কৰিছে জাহাজসমূহে৷ শনিবাৰে সেই পথেৰেই পাৰ হৈছে এখন ভাৰতীয় জাহাজ৷ তেল আৰু গেছ পৰিবাহী আৰু তিনিখন জাহাজে এই বিকল্প পথেৰে এলেকাটো পাৰ কৰিছে বুলি সূত্রৰ খবৰত প্রকাশ৷ ইৰানৰ আক্রমণো নহয় এই জাহাজসমূহৰ ওপৰত৷ আপাততঃ নিজৰ গন্তব্যস্থানৰ ফালে আগবাঢ়িছে জাহাজসমূহ৷

আমেৰিকা আৰু ইজৰাইলৰ আক্রমণৰ প্রতিবাদত হৰমুজ প্রণালী বন্ধ কৰি ৰাখিছে ইৰানে৷ অৱশ্যে ইৰানৰ সৈতে বন্ধুত্বপূর্ণ সম্পর্ক ৰখা চীন, ৰাছিয়া, পাকিস্তানৰ লগতে ভাৰতকো নিজৰ নিজৰ জাহাজসমূহ হৰমুজ হৈ চলাচলৰ অনুমতি দিছে ইৰানে৷ সূত্রৰ খবৰ মতে, ওমানৰ জলসীমা এলেকাত প্রৱেশ কৰি সেই এলেকাটো পাৰ কৰিছে ৪খন জাহাজে৷ আন্তঃৰাষ্ট্রীয় জলসীমাকো এৰি যোৱা হৈছে এই পথেৰে৷ সংযুক্ত আৰব আমীৰশ্বাহী সংলগ্ণ এলেকা হৈ ওমানৰ জলসীমাৰে আগবাঢ়িছে জাহাজসমূহ৷

You might also like