নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্তিম দিনা ৰহাত বিজেপি প্ৰাৰ্থী শশীকান্ত দাসৰ পদযাত্ৰা

নিয়মীয়া বাৰ্তা ৰহা, ৭ এপ্ৰিল : নিৰ্বাচনী প্ৰচাৰৰ শেষ দিনটোত ৰহা নগৰৰ ৰাজপথ উত্তাল কৰিলে বিজেপি প্ৰাৰ্থী শশীকান্ত দাসে। আজি পুৱা বিধায়ক তথা ৰহা সমষ্টিৰ বিজেপি প্ৰাৰ্থী শশীকান্ত দাসে সহস্ৰাধিক দলীয় কৰ্মীক লগত লৈ এক সমদলত ভাগ লয়। বিজেপি প্ৰাৰ্থী শশীকান্ত দাসে ৰহা বজাৰৰ সকলো দোকান-পোহাৰলৈ গৈ আগন্তুক নিৰ্বাচনৰ বাবে সকলোকে পদুমৰ চিনত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়।

ৰহা-বাৰপূজীয়া মণ্ডল বিজেপিৰ উদ্যোগত আৰু ৰহা নগৰৰ প্ৰতিটো ৱাৰ্ডৰ বিজেপি কৰ্মীৰ সহযোগত উলিওৱা পদযাত্ৰাটোত বিজেপি কৰ্মীসকলে ঢোলে-দগৰে বিধায়ক তথা বিজেপি প্ৰাৰ্থীগৰাকীক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰহা নগৰৰ আকাশ-বতাহ কঁপাই তোলে।

আজি পদযাত্ৰাত বিধায়ক তথা বিজেপি প্ৰাৰ্থী শশীকান্ত দাসে ৰহাত বিজেপি দলে নিশ্চিতভাৱে জয়লাভ কৰিব বুলি দাবী কৰে। ইয়াৰ কাৰণ উল্লেখ কৰি কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত অসমৰ মহিলা, ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী সকলোৰে আস্থা আৰু ভৰসা আছে। স্বাৱলম্বিতাৰ পৰা আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰীৰ মাচুল ৰেহাইলৈকে সকলো সুবিধা মুখ্যমন্ত্ৰীয়ে কৰি দিছে আৰু কৰিব। তেৱেঁই পুনৰ অসমৰ মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। দলীয় কৰ্মীসকলে বিজেপি জিন্দাবাদ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, শশীকান্ত দাস জিন্দাবাদ ধ্বনিৰে ৰহা চহৰ উত্তাল কৰি তোলে।

You might also like